গুৱাহাটী,১ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰা তেজপুৰৰ লিচুৰ টোপোলা গ্ৰহণ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যমন্ত্রীলৈ এক পত্রযোগে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে (PM Narendra Modis letter to CM praising Tezpurs Litchi)। ২২ আগষ্টত প্ৰেৰণ কৰা এই পত্রযোগে প্রধানমন্ত্রী মোদীয়ে কয় যে আমাৰ দেশখন প্রাকৃতিক সম্পদৰে আশীৰ্বাদপুষ্ট (Letter for praising Tezpurs Litchi)।
তেওঁ উল্লেখ কৰে যে জৈৱিক পদ্ধতিৰে উৎপাদিত তেজপুৰৰ লিচুৰ গুণগত মান যথেষ্ট উন্নত হোৱাৰ লগতে ‘জি আই টেগ’ সন্নিৱিষ্ট এই লিচুৱে আন্তঃৰাষ্ট্ৰীয় বজাৰতো বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে আশা প্রকাশ কৰে যে থলুৱাভাৱে উৎপাদিত এই লিচু অতি সুস্বাদু হোৱাৰ বাবে সমগ্ৰ বিশ্বতে বিশেষ সমাদৰ লাভ কৰিব পাৰিব ।
তদুপৰি ‘ভোকেল ফৰ লোকেল'ৰ ক্ষেত্ৰত চৰকাৰে যি গুৰুত্ব প্ৰদান কৰি আহিছে তাক অধিক উৎসাহিত কৰিব । পত্ৰখন লাভ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ লিচু সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা প্ৰশংসাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দেশৰ প্ৰধানমন্ত্ৰীৰ এনে উচ্চ প্রশংসাই আমাৰ ৰাজ্যৰ থলুৱা কৃষকসকলকো উদগনি যোগাব ।
লগতে পঢ়ক: বাঁহৰ চুঙাৰ বটলেৰে প্লাষ্টিকক প্ৰত্যাহ্বান জনোৱা এক সেউজীয়া প্ৰয়াস