ETV Bharat / state

Arunachal Donyi Polo Airport : অৰুণাচলত নতুন বিমানবন্দৰ মুকলি

author img

By

Published : Nov 19, 2022, 1:05 PM IST

Updated : Nov 19, 2022, 1:20 PM IST

অৰুণাচলত প্ৰদেশত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi in Arunachal Pradesh)। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰথম গ্ৰীণ ফিল্ড ড'নি প'ল' বিমানবন্দৰ মুকলি কৰে । কামেং হাইড্ৰ' প্ৰজেক্টৰো শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Arunachal Donyi Polo Airport
j

তেজপুৰ, ১৯ নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে পুৱা অৰুণাচল প্ৰদেশৰ ইটানগৰত উপস্থিত হৈ ৰাজ্যখনৰ প্ৰথম গ্ৰীণ ফিল্ড ড'নি প'ল' বিমানবন্দৰ মুকলি কৰে (PM Modi inaugurates new airport in Arunachal)। লগতে ৬০০ মেগাৱাটৰ অৰুণাচল প্ৰদেশৰ কামেং হাইড্ৰ' প্ৰজেক্টৰ শুভ উদ্বোধন কৰে (Kameng Hydro Projest in Arunachal Pradesh)। অৰুণাচল প্ৰদেশৰ এইয়া তৃতীয়টো বিমানবন্দৰ । ইয়াৰ পূৰ্বে অৰুণাচলত আছিল পাছিঘাট আৰু তেজু বিমানবন্দৰ ।

Arunachal Donyi Polo Airport
অৰুণাচলত নতুন বিমানবন্দৰ মুকলি

ইফালে নতুন ড'নি প'ল' বিমান বন্দৰ উত্তৰ পূৰ্বাঞ্চলৰ ১৬ নম্বৰ বিমানবন্দৰ হিচাপে স্বীকৃতি লাভ কৰিছে । উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে হলঙি গ্ৰীণ ফিল্ড ড'নি প'ল' বিমান বন্দৰত ১০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাও উত্তোলন কৰে । দুয়োটা আঁচনি উদ্বোধন কৰি ভাষণ প্ৰসংগত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উড়ান আঁচনিৰ অধীনত এই বিমানবন্দৰলৈ নিয়মীয়া যাত্ৰীবাহী বিমান চলাচল কৰিব আৰু ইয়াৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থালৈ এক নতুন ৰূপ প্ৰদান কৰা হ'ল বুলি ঘোষণা কৰে ।

Arunachal Donyi Polo Airport
অৰুণাচলত প্ৰদেশত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

তেওঁ কয় যে অৰুণাচল প্ৰদেশলৈ তেওঁ বহুবাৰ আহিছে । ইমানেই আহিছে যে হিচাপ কৰিলেও ভুল হ'ব, কিন্তু যেতিয়াই তেওঁ আহে প্ৰত্যেক বাৰেই এক নতুন সাহস, নতুন প্ৰেৰণা লৈ উভতি যায় বুলি তেওঁ উল্লেখ কৰে । কিন্তু বিমানবন্দৰটোৰ উদ্বোধনৰ সময়ত হোৱা জন সমাগম তেওঁ পূৰ্বে কেতিয়াও দেখা নাছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে । তেওঁৰ মতে ইয়াৰ কাৰণ হৈছে জনসাধাৰণৰ মাজত বিকাশৰ ধৰা প্ৰবাহিত হৈছে ।

অৰুণাচল প্ৰদেশৰ পাহাৰীয়া বসতি অঞ্চলত যোগাযোগ ব্যৱস্থা দুৰ্গম ইয়াৰ পিছতো ইমান জন সমাগমে দাবোল ইঞ্জিনৰ চৰকাৰে বিকাশৰ ধাৰা অক্ষুণ্ণ ৰাখিছে বুলি তেওঁ দাবী কৰে । প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা মতে ৰাজ্যখনত মুঠ ৫০,০০০ কোটি টকাৰ সীমান্ত উন্নয়ন আঁচনিৰ অধীনত কাম চলি আছে । দেশৰ উন্নয়নৰ বাবে বিশেষকৈ স্থানীয় উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

তেওঁৰ মতে বিমান বন্দৰ আৰম্ভণিৰ লগে লগেই কাৰ্গো বিমানৰ সুবিধা লাভ কৰিব । যাৰ ফলত জনসাধাৰণে খাদ্য সামগ্ৰীৰ আদান প্ৰদান আৰু অন্যান্য ব্যৱসায়ৰ সুবিধা লাভ কৰিব বুলিও আশাবাদী প্ৰধানমন্ত্ৰী মোডী । বিমানবন্দৰ আৰম্ভ হোৱাৰ লগে লগে স্থানীয় ব্যৱসায়ী বিশেষকৈ টেক্সিৰ ব্যৱসায়ীসকল লাভৱান হ'ব । আনহাতে স্থানীয় বাঁহ খেতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মোডীয়ে কয় যে বাঁহৰ খেতি ব্ৰিটিছ শাসনৰ সময়ত বাঁহ কটা আৰু ব্যৱসায়ত প্ৰতিবন্ধকতা আছিল ।

কিন্তু বৰ্তমান চৰকাৰে সেয়া সলনি কৰি বাঁহৰ সঁজুলি নিৰ্মাণ কৰি ব্যৱসায় আৰম্ভ কৰাৰ ব্যৱস্থা কৰিছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত বাঁহৰ সঁজুলি নিৰ্মাণৰ এক সুকীয়া পৰিচয় আছে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ সফলতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে বহুতো লোক উপকৃত হৈছে । দেশৰ অন্তিম প্ৰান্তৰ অঞ্চলবোৰ বিজুলীৰ পোহৰে উজলাই তুলিছে ।

Arunachal Donyi Polo Airport
অৰুণাচলত নতুন বিমানবন্দৰ মুকলি

সীমাৰ গাঁৱৰ ভাইব্ৰেণ্ট বৰ্ডাৰ যোজনাৰ অধীনত কাম চলি আছে আৰু সেই গাঁৱৰ যুৱকে যাতে এনচিচিত যোগদান কৰি সেনাত যোগদান কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে । অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যপাল ব্ৰিগেদিয়াৰ ডঃ বি.ডি. মিশ্ৰ, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু, মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ-মুখ্যমন্ত্ৰী চৌনা মেনকে ধৰি বিভিন্ন নেতা ।

লগতে পঢ়ক :Drinking water issue: এটুপি বিশুদ্ধ খোৱা পানী য’ত এতিয়াও স্বপ্ন !

Last Updated : Nov 19, 2022, 1:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.