ৰঙাপৰা, 11 আগষ্ট: বুধবাৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয় আৰু চৌহদত এক বৃক্ষৰোপণ আঁচনিৰ শুভাৰম্ভ কৰা হয় (Plantation Programme held at Rangapara) । দেশৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ স্বাধীনতা দিৱসৰ (75th Independence Day) স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি ৰঙাপৰা মহাবিদ্যালয়ৰ পূৰ্বৰ অধ্যক্ষ কাৰ্যালয়টো আধুনিকভাৱে নিৰ্মাণ কৰি উলিওৱা হয় ৷
এই কাৰ্যালয়টো জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বুধবাৰে উদ্বোধন কৰে । ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ চৌহদত নাহৰণি গাঁও পঞ্চায়ত কাৰ্যালয়ে ৰূপায়ণ কৰা এম জি এনৰেগা আঁচনিৰ অধীনত প্ৰায় ৬ লাখ ১৬ হাজাৰ ৬ টকা ব্যয়ৰে ৪০০ জোপা ৰঙা চন্দন আৰু ৩০০ জোপা অগৰু গছৰ পুলি ৰোপন কৰাৰ পদক্ষেপ হাতত লোৱা হয় ।
বুধবাৰে এই পদক্ষেপৰ প্ৰথম পৰ্যায়ত জিলা উপায়ুক্ত গৰাকীৰ লগতে শোণিতপুৰ জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া কৰবী শইকীয়া, ৰঙাপৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মা, ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰঞ্জন কলিতা উপস্থিত থাকে ৷
লগতে, মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড৹ ৰণেন্দ্ৰ মোহন ডেকা, বড়ো বিভাগৰ অধ্যাপক প্ৰশান্ত বড়োকে ধৰি শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, পঞ্চায়তৰ প্ৰতিনিধি আৰু ছাত্ৰ-ছাত্ৰীসকলে এক লগ হৈ ১০৪ টা গছপুলি ৰোপন কৰে ।
লগতে পঢ়ক: Azadi ka Amrit Mahotsav: স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে বিহালীত জনতা যুৱ মৰ্চাৰ বাইক ৰেলী