ETV Bharat / state

শোনিতপুৰৰ বালিপাৰাত উদ্ধাৰ প্ৰকাণ্ড অজগৰ - প্ৰায় দহ ফুট দীঘল অজগৰডাল

শোনিতপুৰ জিলাৰ বালিপাৰাত উদ্ধাৰ প্ৰকাণ্ড অজগৰ ৷ বনকৰ্মীয়ে উদ্ধাৰ কৰি আজগৰডাল সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ৷

বালিপৰাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
বালিপৰাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
author img

By

Published : Mar 9, 2021, 2:25 PM IST

ৰঙাপৰা, 9 মাৰ্চঃ শোণিতপুৰ জিলাৰ বালিপাৰাত মংগলবাৰে প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয় । বালিপাৰাৰ সমীপৱৰ্তী এৰাগাঁৱত এজোপা বাঁহনিত আশ্ৰয় লৈ থকা অৱস্থাত একাংশ লোকে প্ৰত্যক্ষ কৰে অজগৰডাল । পিছত ৰাইজে আমাৰাবাৰী বন কাৰ্যলয়ত খবৰ দিয়াত বন কৰ্মীয়ে বহু পলমকৈ উপস্থিত হৈ অজগৰডাল বাঁহনিৰ পৰা উদ্ধাৰ কৰে ।

পৰৱৰ্তী সময়ত অজগৰডাল বালিপাৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয় ৷ প্ৰায় দহ ফুট দীঘল অজগৰডাল চাবলৈ অঞ্চলটোৰ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷

পঢ়কঃৰাজ্যত পুনৰ সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.