ETV Bharat / state

ৰঙাপৰাত মাস্ক পৰিধান নকৰা লোকক জৰিমনা আৰক্ষীৰ

author img

By

Published : Sep 13, 2020, 4:59 PM IST

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বৰ ৰাইজক মাস্ক পৰিধাণ তথা সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান ৷ কিন্তু তাৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজৰ মাজত সচেতনতাৰ অভাৱ ৷

People who don't wear masks are fined by the police at Rangapara
ৰঙাপৰাত মাস্ক পৰিধান নকৰা লোকক জৰিমনা আৰক্ষীৰ

ৰঙাপৰা, 13 ছেপ্তেম্বৰ : সমগ্র ৰাজ্যত এতিয়া কৰ’ণাৰ ত্ৰাস ৷ কৰ’ণাৰ গ্ৰাসত দেশ তথা ৰাজ্য । ক্ৰমাৎ জটিলৰ পৰা জটিলতৰ অৱস্থালৈ গতি কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ সংক্ৰমণ । মাৰাত্মক কৰ’ণা ভাইৰাছে প্ৰতি ঘণ্টাত প্ৰাণ কাঢ়িছে এজনকৈ লোকৰ । এনে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বৰ ৰাইজক মাস্ক পৰিধান তথা সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান ৷ কিন্তু তাৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজৰ মাজত সচেতনতাৰ অভাৱ ৷ ৰঙাপৰাতো একেই দৃশ্য ৷ যেন কৰ’ণা ভাইৰাছৰ প্ৰতি নাই কোনো ভয় অথবা শংকা ।

ৰঙাপৰা চহৰখনত একাংশ ৰাইজে চৰকাৰৰ নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজহুৱা স্থানত মাস্ক অবিহনে ঘূৰি ফুৰিছে । ৰঙাপৰাৰ দৈনিক বজাৰতো অনুৰূপ দৃশ্য । একাংশ ব্যৱসায়ীয়ে মাস্ক পৰিধান নকৰাকৈয়ে বিক্ৰী কৰিছে শাক-পাছলি । সামগ্ৰী ক্ৰেতাসকলৰ মাজতো নাই সচেতনতা । কৰ’ণা গণ সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত মাস্ক পৰিধানৰ কথা যেন সকলোৱে পাহৰি পেলাইছে ।

ৰঙাপৰাত সচেতনতাৰ অভাৱ

ইফালে সাংবাদিকৰ কেমেৰা দেখি মুখ ঢাকিবলৈ চেষ্টা মাস্ক পৰিধান নকৰা ব্যক্তিসকলৰ । আনহাতে সংবাদ মাধ্যমে কেমেৰাত দৃশ্য বন্দী কৰা প্ৰত্যক্ষ কৰাৰ পিছতেই তৎপৰ হৈ লগে লগে নিজৰ দায়িত্ব ব্যস্ত হৈ পৰিল ৰঙাপৰা আৰক্ষী । মাস্ক পৰিধান নকৰা লোক সকলক আৰক্ষীয়ে বিহিলে জৰিমনা । এতিয়া যেন মাস্ক পৰিধান নকৰাটো এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৰঙাপৰাবাসীৰ ।

লগতে চাওক-একাঁঠু বোকা-পানীৰে পৰিপূৰ্ণ টিংখাঙৰ এটা পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.