ETV Bharat / state

ৰঙাপৰাৰ কণ্টেইনমেন্ট জ’নৰ পৰা পলায়ন কোৱাৰেন্টাইন হৈ থকা ব্যক্তিৰ - corona virus

চৰকাৰী নিৰ্দেশনা উলংঘন কৰি ৰঙাপৰাৰ কণ্টেইনমেন্ট জ’নৰ পৰা পলায়ন হোম কোৱাৰেন্টাইন হৈ থকা এগৰাকী ব্যক্তিৰ ৷ পৰিয়ালটোৱে গোপনে কণ্টেইনমেন্ট জ’নৰ পৰা ওলাই যোৱাত ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় ৰঙাপৰাত ।

people runaway from containment zone
people runaway from containment zone
author img

By

Published : Jun 23, 2020, 10:13 PM IST

ৰঙাপৰা, 23 জুন : ৰাজ্যত ক্ৰমাৎ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণা মহামাৰীয়ে । লক ডাউন শিথিল কৰাৰ পিছৰে পৰা কৰ'ণা সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। কৰ'ণাৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ সময়তো ৰঙাপৰাৰ একাংশ ব্যক্তি এতিয়াও সজাগ আৰু সচেতন হোৱা নাই । ৰঙাপৰাৰ ৩ নং ৱাৰ্ডত মংগলবাৰে এক অবাঞ্চিত ঘটনা সংঘটিত হোৱাত অঞ্চলটোত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়।

ৰঙাপৰাৰ ৩ নং ৱাৰ্ডৰ নিৱাসী পুৰুষোত্তম আগৰৱালাৰ কন্যাৰ দেহৰ পৰা তিনিজনৰ দেহলৈ ক'ভিড-১৯ সংক্ৰমণ হোৱা বুলি ধাৰণা কৰাৰ পিছত জিলা প্ৰশাসনে উক্ত এলেকাটো কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল ৷ কণ্টেইনমেন্ট জ’নৰ ভিতৰতে হোম কোৱাৰেন্টাইন হৈ থকা এটি পৰিয়ালে প্ৰশাসনৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি কণ্টেইনমেন্ট জ’নৰ বাঁহৰ বেৰিকেড ভাঙি গোপনে পলায়ন কৰে ৷ পৰিয়ালটোৱে গোপনে কণ্টেইনমেন্ট জ’নৰ পৰা ওলাই যোৱাত ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়।

ৰঙাপৰাৰ কণ্টেইনমেন্ট জ’নৰ পৰা পলায়ন কোৱাৰেন্টাইন হৈ থকা ব্যক্তিৰ

ৰঙাপৰাৰ ব্যৱসায়ী বেদ প্ৰসাদ শৰ্মাৰ পৰিয়ালটোৰ সদস্যসকলে সন্ধিয়া গোপনে বাঁহৰ বেৰ ভাঙি পলায়ন কৰা পাছতে হুৱাদুৱা লাগে ৩ নং ৱাৰ্ড কণ্টেইনমেন্ট জ’নৰ ভিতৰত থকা লোকসকলৰ মাজত। পিচত ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে ৰঙাপৰা আৰক্ষীক খবৰ দিছিল যদিও বহু পলমকৈ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উঠিছে। আনহাতে তেজপুৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাসে আজিলৈকে কণ্টেইনমেন্ট জ’নৰ ভিতৰত থকা লোকসকলৰ খবৰ নোলোৱাত ক্ষুব্ধ হৈ পৰে ৰাইজ ৷ কণ্টেইনমেন্ট জ’নৰ পৰা পৰিয়ালটোৱে বাঁহৰ বেৰ ভাঙি তথা প্ৰশাসনৰ নিৰ্দেশনাক ভেঙুচালি কৰি ওলাই যোৱা ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে ৰাইজে ৷

লগতে পঢ়ক : প্ৰত‍িটো প্ৰত‍্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ নিজক প্ৰস্তুত কৰিব লাগিব:মন্ত্ৰী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.