তেজপুৰ, 1 ডিচেম্বৰ : প্ৰকৃতিৰ অনাবিল সৌন্দর্য তথা সুষমাৰে ভৰপূৰ তেজপুৰ চহৰ, পৰ্যটকৰ আকৰ্ষণৰ মূল কেন্দ্ৰস্থল । তেজপুৰ মানেই যেন প্ৰেমৰ মধুৰ সোঁৱৰণ । ঐতিহ্যমণ্ডিত চহৰখনৰ সৰ্বত্ৰ আজিও নীৰৱে প্ৰতিধ্বনিত হয় ঊষা-অনিৰুদ্ধৰ অমৰ প্ৰেমগাথা (Tourist Place of Tezpur) ।
![People gathered in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-1jan-pix-tourism-pranabkumardas-7203907_01012023173901_0101f_1672574941_625.jpg)
আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিন (1st day of new year 2023)৷ ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটো দেওবাৰ হোৱাৰ বাবেই হয়তো ঐতিহাসিক চহৰখনৰ বিভিন্ন মন্দিৰ তথা পৰ্যটনক্ষেত্ৰত অসংখ্য লোকৰ সমাগম ঘটা পৰিলক্ষিত হয় । শান্তি আৰু সমৃদ্ধিৰে বছৰটো অতিবাহিত হোৱাৰ উপৰিও ৰাজ্যৰ পৰা হিংসা-অসূয়া শক্তি দূৰ হোৱাৰ আশীষ বিচাৰি আজি তেজপুৰৰ বিভিন্ন ঐতিহাসিক মঠ-মন্দিৰত অগনন ভক্তৰ লোকৰণ্য হোৱা পৰিলক্ষিত হয় ৷
![People gathered in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-1jan-pix-tourism-pranabkumardas-7203907_01012023173901_0101f_1672574941_725.jpg)
বিশেষকৈ তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ, গণেশ ঘাটৰ গণেশ মন্দিৰ, হলেশ্বৰ, কেতেকেশ্বৰ, মাইথান, ৰুদ্ৰপদ, হেগুলেশ্বৰ তথা দেৱীসিং ঘাটৰ পাহাৰত থকা গণেশ মন্দিৰত ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত সহস্ৰাধিক ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা যায় (Tourist Place of Tezpur)।
একেদৰে তেজপুৰৰ চিত্ৰলেখা উদ্যান আৰু অগ্নিগড়লৈ বিয়লি পর্যন্ত বহুসংখ্যক পর্যটকৰ আগমন ঘটে । বিশেষকৈ অগ্নিগড়ত থকা বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত হোৱা হৰিহৰ যুদ্ধৰ দৃশ্যাৱলী চাবলৈ উক্ত স্থানত বহু হাজাৰ দৰ্শনাৰ্থীৰ সমাগম হোৱা পৰিলক্ষিত হয় । লগতে এই অগ্নিগড়লৈ অহা দৰ্শনাৰ্থীৰ পৰাই বহু পৰিমাণৰ ৰাজহ সংগ্ৰহ হয় ।
লগতে পঢ়ক : Celebration of New year2023: নতুন বছৰৰ প্ৰথমটো দিনত লোকাৰণ্য সত্ৰনগৰী মাজুলী
আনহাতে, পূৰ্বৰ ক’লপার্ক’ তথা বৰ্তমানৰ চিত্ৰলেখা উদ্যান হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত উদ্যানখনলৈ সন্ধিয়াভাগলৈ বহু দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে । সন্ধিয়া পর্যন্ত উদ্যানখনত প্ৰৱেশৰ বাবে দৰ্শনাৰ্থীৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ৷ ইফালে আজিৰ দিনটোত তেজপুৰৰ কলাগুৰু সমাধিক্ষেত্ৰ হিচাবে খ্যাত ‘সমন্বয়ক্ষেত্ৰ’লৈয়ো আগমন ঘটে বহুসংখ্যক লোকৰ । একেদৰে ড৹ ভূপেন হাজৰিকাৰ ‘কলাভূমি’ আৰু জিলা সংগ্ৰহালয়তো বহু ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয় ।
একেদৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ ৰূপালী বালিচৰ, গণেশ ঘাট, হনুমান মন্দিৰৰ সমীপস্থ গেৰেকীৰ ব্ৰহ্মপুত্ৰৰ পাৰ, ৰুদ্ৰ পদ, দেৱীসিং ঘাট তথা কলিয়া ভোমোৰা সেতুৰ দুয়োপাৰেও বনভোজৰ দলৰ ব্যাপক সমাগম ঘটে ৷ ফলত এই অঞ্চলসমূহত এক মেলামুখী পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ।
![People gathered in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17369450_tez.jpg)
ইয়াৰ উপৰিও, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন পৰ্যটন স্থলীৰ লগতে জীয়া ভৰলী নদীত ৰিভাৰ ৰাফটিঙো কৰে বহুতো পৰ্যটকৰ দলে । নামেৰী ৰাষ্ট্ৰীয় উদ্যান দেও হাঁহ, ধনেশ পক্ষী কলৰৱ আৰু বিলুপ্ত প্ৰায় নল গাহৰি সংৰক্ষণ কৰা হৈছে যদিও সেয়া বৰ্তমান দৰ্শকৰ বাবে মুকলি কৰা হোৱা নাই ।
লগতে পঢ়ক : New year 2023 : নলবাৰীত ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজকাৰীৰ ভিৰ