ETV Bharat / state

তিনি দিনলৈ অকলে চীনা সৈন্যক আবদ্ধ কৰি ৰখা বীৰ জোৱানজন

author img

By

Published : Nov 17, 2020, 11:02 PM IST

1962 চনৰ 8 চেপ্তেম্বৰত চীনা সৈন্যই নামকা-চু অঞ্চলৰ ভাৰত-তিব্বত সীমান্ত পথেদি অসম ৰাইফলছৰ কোম্পানীৰ ওপৰত আক্ৰমণ কৰি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল৷ ইয়াৰ পিছতে 17 নৱেম্বৰত টাৱাং অতিক্ৰমি নুৰানং চেক্টৰত প্ৰৱেশ কৰিও চীনা সৈন্যই থমকি ৰ’বলগীয়া হৈছিল চতুর্থ গাড়োৱাল ৰাইফলছৰ এই পৰাক্ৰমী যোদ্ধা যশোৱন্ত সিং ৰাৱাটৰ সন্মুখত ৷

As_Tezpur_Jaswant_Singh_Rawat_death_anniversary_vis_7203907
তিনিদিনলৈ অকলে চীনা সৈন্যক আবদ্ধ কৰি ৰখা বীৰ জোৱানজন

তেজপুৰ, 17 নৱেম্বৰঃ 1962 চনৰ চীন ভাৰত যুদ্ধৰ এগৰাকী বীৰ যোদ্ধা । গাড়োৱাল ৰাইফলছৰ এগৰাকী সৈনিক যাৰ শিৰচ্ছেদ কৰি লৈ গৈছিল চীনা সৈন্যই ৷ একেৰাহে 72 ঘণ্টা চীনা সৈন্যৰে অকলে যুঁজি চীনা সৈন্যক তিনিদিন আৱদ্ধ কৰি ৰাখিছিল টাৱাঙৰ পৰা 1000 ফুট উচ্চতাত চেলাপাছৰ পৰা 21 কিল’মিটাৰ নিলগৰ নুৰানঙত৷ এই যোদ্ধাগৰাকীৰ নাম হৈছে যশোৱন্ত সিং ৰাৱাট ৷ 1941 চনৰ 19 আগষ্টত হাৰিয়ানাত জন্মগ্ৰহণ কৰা ৰাৱাটে 1962 চনত অৰুণাচল প্ৰদেশৰ নুৰানং চেক্টৰত চীনা সৈন্যৰে মুখামুখি সমৰত নামিছিল ৷

1962 চনৰ 8 চেপ্তেম্বৰত চীনা সৈন্যই নামকা-চু অঞ্চলৰ ভাৰত-তিব্বত সীমান্ত পথেদি অসম ৰাইফলছৰ কোম্পানীৰ ওপৰত আক্ৰমণ কৰি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল৷ ইয়াৰ পিছতে 17 নৱেম্বৰত টাৱাং অতিক্ৰমি নুৰানং চেক্টৰত প্ৰৱেশ কৰিও চীনা সৈন্যই থমকি ৰ’বলগীয়া হৈছিল চতুর্থ গাড়োৱাল ৰাইফলছৰ এই পৰাক্ৰমী যোদ্ধাৰ সন্মুখত ৷ সেনাৰ উচ্চতম কৰ্তৃপক্ষই যশোৱন্ত সিঙক শিবিৰ এৰি পিছুৱাই আহিবলৈ আহ্বান জনাই যদিও সেইয়া নামানি সতীৰ্থ দুই জোৱানৰ সৈতে চীনা সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰে বীৰ গৰাকীয়ে ৷ সতীৰ্থ গোপাল গোঁসাই আৰু লেন্স নায়ক তিলক অৱশেষত শ্বহীদ হয় শত্ৰুৰ হাতত । ইয়াৰ পিছতো যশোৱন্ত সিং ৰাৱটে পাঁচটা বিশেষ স্থানত অকলেই মেচিনগান স্থাপন কৰি শত্ৰুৰ ওপৰত আক্ৰমণ কৰে ৷ সাহসী সৈন্যগৰাকীয়ে প্ৰতিখন ঠাইৰ পৰা অকলে তদাৰক কৰে এই যুদ্ধ ৷

ইতিমধ্যে যশোৱন্তৰ খবৰ খাদ্য যোগান ধৰা লোকজনৰ পৰা লাভ কৰি চীনা সৈন্যই তেখেতক চাৰিওফালে ঘেৰি ধৰে ৷ অৱশেষত শত্ৰুৰ হাতত মৃত্যুৰ সম্ভাৱনা প্ৰকট হৈ পৰাত যশোৱন্ত সিং ৰাৱাটে নিজকে গুলিয়াই সাৱটি লয় মৃত্যুক ৷ পৰৱৰ্তী সময়ত চীনা সৈন্যৰ কমাণ্ডাৰে এই বীৰ যোদ্ধাৰ মুখ চাবলৈ বিচৰাত যশোৱন্তক শিৰচ্ছেদ কৰি মূৰটো লৈ যায় চীনা সৈন্যই ৷ ভাৰতীয় সৈন্যই আজিও সীমান্তত এইগৰাকী বীৰ যোদ্ধাই পহৰা দিয়া বুলি বিশ্বাস কৰে । শ্বহীদ গৰাকীক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰৰে সন্মানিত কৰে ভাৰত চৰকাৰে ৷ ভাৰত মাতৃৰ এই বীৰ শ্বহীদ গৰাকীৰ আজি মৃত্যু বাৰ্ষিকী ৷ এই দিৱসত টুইটযোগে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।

পেমা খাণ্ডুৰ টুইট

লগতে পঢ়ক-দেশৰ ভিতৰতে সৰ্বাধিক কিৱি উৎপাদনৰ দিশে অৰুণাচল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.