ETV Bharat / state

Oppositions Election strategy:লোকসভা নিৰ্বাচনত বিজেপিক ৰোধিবলৈ তেজপুৰত বিৰোধীৰ ৰুদ্ধদ্বাৰ বৈঠক

author img

By

Published : Jun 5, 2023, 7:18 PM IST

বিজেপিয়ে ২০২৪ চনৰ লোকসভা আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোক আগুৱাই নিয়াৰ চেষ্টা চলাইছে বুলি মন্তব্য় বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi)।

Congress discussed with AJP on election
কংগ্ৰেছৰ লগত অসম জাতীয় পৰিষদৰ নিৰ্বাচন সম্পৰ্কীয় বৈঠক

তেজপুৰ, ৫ জুন : তেজপুৰৰ হোটেল গ্ৰীনউডত কংগ্ৰেছৰ লগত অসম জাতীয় পৰিষদৰ নিৰ্বাচন সম্পৰ্কীয় ৰুদ্ধদ্বাৰ বৈঠক সম্পন্ন (Oppositions Election strategy in Tezpur)। অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু উপ দলপতি ৰকিবুল হুছেইনে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰে (Congress discussed with AJP on election)।

কেন্দ্ৰত যিদৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত বিৰোধী দলৰ লগত আলোচনাৰ প্ৰস্তুতি আৰম্ভ হৈছে, ঠিক সেইদৰে অসমত শাসকীয় দল বিজেপিক পৰাভূত কৰিবলৈ আপ,বাওঁপন্থী দল,ৰাইজৰ দল আৰু কংগ্ৰেছৰ লগত অসম জাতীয় পৰিষদে সোমবাৰে এই বৈঠকত মিলিত হয় । ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ লগত কংগ্ৰেছে পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰে ।

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰায় ২০ মিনিট ধৰি কংগ্ৰেছ দলৰ নেতৃত্বৰ লগত আলোচনাত মিলিত হয় । ইয়াৰ পিচতেই তেওঁ সংবাদ মাধ্যমক কয় যে বিগত বিধানসভা নিৰ্বাচনত এই একত্ৰিতৰ বিষয়ে পৰামৰ্শ আগবঢ়াইছিল । কিন্ত এতিয়া এই বিষয়ে পৰ্যালোচনা কৰাৰ সময় আহি পৰিছে । ৰাইজে বিজেপিৰ শাসনৰ পৰা যথেষ্ট শিক্ষা লাভ কৰিছে । আনহাতে ,সমষ্টিৰ পুনৰ নিৰ্ধাৰণ বিজেপিৰ এক কৌশল বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিয়ে নিজৰ ভোট বেংক ৰক্ষা কৰিবলৈ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ব্লুপ্ৰিন্ট তৈয়াৰ কৰিছে । কাৰণ হিন্দু- মুছলমানৰ ৰাজনীতিৰ নামকৰনে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰাটো এক বৃহৎ কৌশল ।

তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে সংখ্যালঘু লোকক সহজ লক্ষ্য় কৰি কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'ব খুজিছে ৷ হিন্দু-মুছলমানৰ ৰাজনীতিৰে বিজেপিয়ে ভোট বেংক কিদৰে সুদৃঢ় কৰিব পাৰি তাকে চিন্তা কৰি এই ষড়যন্ত্ৰ ৰচিছে ৷

ইপিনে,সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয় যে ২০২৪ চনৰ লোকসভা আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোক আগুৱাই নিয়াৰ চেষ্টা চলাইছে বিজেপিয়ে ৷ খিলঞ্জীয়া অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষা কিদৰে বিজেপিয়ে কৰিব বুলি প্ৰশ্ন কৰি অখিল গগৈয়ে কয়,"উজনীৰ তিনিটা সমষ্টি ক্ৰমে শিৱসাগৰ, গোলাঘাট আৰু ডিব্ৰুগড় হ্ৰাস কৰি মৰিগাঁৱত চামিল কৰি মায়ঙত এটা নতুন সমষ্টি সৃষ্টিৰে হিন্দু বঙালী লোকৰ অনুসূচিত জাতিৰ ভোটবেংক গঢ় দিবলৈকে এই কৌশল ৰচনা কৰিছে ৷ গতিকে আমি ইয়াৰ বিৰোধিতা কৰিছো আৰু কৰি যাম ৷"

লগতে পঢ়ক:World environment day: গছপুলি ৰোপন কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.