ETV Bharat / state

ৰঙাপৰাত চুলাই মদৰ বিৰুদ্ধে আৰক্ষী-আবকাৰীৰ  অভিযান

অভিযান চলাই ৫০০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে উৎখাত কৰে কেইবাটাও চুলাই মদৰ ঘাটি

ৰঙাপৰাত চুলাই মদৰ বিৰুদ্ধে আৰক্ষী-আবকাৰীৰ  অভিযান
author img

By

Published : Feb 24, 2019, 10:31 PM IST

তেজপুৰ,২৪ ফেব্ৰুৱাৰী: এইবাৰ চুলাই মদৰ বিৰূদ্ধে তৎপৰ আবকাৰী আৰু ৰঙাপৰা আৰক্ষী। শোণিতপুৰৰ ৰঙাপৰাৰ খেৰনিবস্তী, নামনিগাঁও, ঢোলকোবা চাহ বাগিছাৰ লগতেৰঙাপৰা ৰেলৱে ক'লনিত আৰক্ষীয়ে অভিযান চলাই অবৈধ চুলাই মদৰ ঘাটি উৎখাত কৰাৰ লগতে নষ্ট কৰে বহু পৰিমাণৰ চুলাই মদ ।

ৰঙাপৰাত চুলাই মদৰ বিৰুদ্ধে আৰক্ষী-আবকাৰীৰ অভিযান

বহু বছৰ ধৰি ৰঙাপৰাৰ বিভিন্ন চাহ বাগিচা, গাঁও অঞ্চলত অবৈধ চুলাই মদৰ ঘাটি চলাই থকাৰ পাচতো ৰঙাপৰা আবকাৰীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

কিন্তু দেওবাৰে ৰঙাপৰাত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত ৰঙাপৰা আৰক্ষীয়ে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই ৫০০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে কেইবাটাও চুলাই মদৰ ঘাটি উৎখাত কৰে। অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় যদিও এজনো মদ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহয় আবকাৰী আৰু আৰক্ষী ৷

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি শোণিতপুৰৰ ৰঙাপৰাৰ একাংশ স্থানত আবকাৰীৰ সন্মুখতে নিৰ্বিঘ্নে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আহিছিল ৷ চুলাই মদৰ প্ৰচলন অব্যাহত থকাৰ পাচতো প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল বিয়াগোমআবকাৰী বিভাগে ৷ কিন্তু গোলাঘাট আৰু যোৰহাটত চুলাই মদ সেৱন কৰি শতাধিক লোকৰ মৃত্যু হোৱাৰ পাচতেআজি যেন হঠাৎ সাৰ পালে আবকাৰী বিভাগ ৷

ৰঙাপৰাত চুলাই মদৰ বিৰুদ্ধে আৰক্ষী-আবকাৰীৰ  অভিযান। 

তেজপুৰ : গোলাঘাট আৰু যোৰহাটত চুলাই মদ সেৱন কৰি শতাধিক লোক মৃত্যুৰ মূখত পৰাৰ পাছত আজি আবকাৰী বিভাগ যেন হঠাৎ সাৰ পালে ৷ দীৰ্ঘদিন ধৰি শোনিতপুৰৰ ৰঙাপৰাৰ একাংশ স্থানত আবকাৰীৰ সন্মূখতে নিৰ্বিঘ্নে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলায় আহিছিল ৷ চুলাই মদৰ প্ৰচলন অব্যাহত থকাৰ পাছতো প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহন কৰা নাছিল বিয়াগোম   আবকাৰী বিভাগে ৷ ৰাজ্যৰ গোলাঘাট আৰু যোৰহাটত চুলাই মদ সেৱন কৰি শতাধিক লোক মৃত্যু হোৱা পাছতে  চুলাই মদৰ বিৰূদ্ধে তৎপৰ হৈছে আবকাৰী আৰু ৰঙাপৰা আৰক্ষী।  শোণিতপুৰৰ ৰঙাপৰাৰ খেৰনিবস্তী, নামনিগাঁও, ঢোলকোবা চাহ বাগিছাৰ লগতে  ৰঙাপৰা ৰেলৱে কলনিত আৰক্ষীয়ে অভিযান চলাই অবৈধ চুলাই মদৰ ভাটি উৎখাট কৰাৰ লগতে বহু পৰিমানৰ চুলাই মদ নষ্ট কৰে। বহু বছৰ বছৰ ধৰি ৰঙাপৰাৰ বিভিন্ন চাহ বাগিচা, গাঁও অঞ্চলত অবৈধ চুলাই মদৰ ভাটি চলাই থকাৰ পাছতো ৰঙাপৰা আবকাৰীয়ে কোনো ধৰনৰ পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ কৰিছে ৰাইজৰ।  ৰঙাপৰাত শোনিতপুৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত ৰঙাপৰা আৰক্ষীয়ে ৰঙাপৰাত চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় ৫০০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে কেইবাটাও চুলাই মদৰ ভাটি উৎখাট কৰে। আবকাৰী আৰু আৰক্ষীয়ে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় যদিও এজনে মদ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহয় ৷

প্ৰণৱ কুমাৰ দাস , 
তেজপুৰ ৷
২৪/২/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.