ETV Bharat / state

Road accident in Tezpur: তীব্ৰবেগী বাহনৰ খুন্দাত নিহত স্কুটি আৰোহী

author img

By

Published : Jun 8, 2022, 10:42 PM IST

তেজপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনা(Road accident in Tezpur) ৷ তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হয় এগৰাকী স্কুটি আৰোহী(One person died in Road accident) ৷ ঘটনা সংঘটিত কৰা বাহনসহ দুজন যুৱকক আটক ৷

One person died and one injured in Road accident
Road accident in Tezpur: তীব্ৰবেগী বাহনৰ খুন্দাত নিহত স্কুটি আৰোহী

তেজপুৰ, 8 জুন : বুধবাৰে তেজপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা(Road accident in Tezpur) । য'ত নিহত হয় প্ৰফুল্ল বৰাৰ লগতে গুৰুতৰভাবে আহত হয় মৃদুস্মিতা বৰা নামৰ এগৰাকী ছাত্ৰী(One injured in Road accident) ৷ দুয়ো পিতৃ-কন্যা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

উল্লেখ্য যে, কন্যা মৃদুস্মিতা বৰাক পিতৃ প্ৰফুল্ল বৰাই টিউচন শেষ হোৱাৰ পিছত ঘৰলৈ উভতাই নিয়াৰ পথত AS01BN 6858 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনে ডেকাৰগাঁৱত খুন্দিয়াই চুচৰাই বহু দূৰলৈ লৈ যায় ৷ ইয়াৰ পিছতে সংকটজনক অৱস্থাত দুয়ো পিতৃ-কন্যাক আৰক্ষীয়ে তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও প্ৰফুল্ল বৰাক চিকিৎসকে মৃত ঘোষণা কৰে (One person died in Road accident) ৷

অভিযোগ মতে, দুৰ্ঘটনা সংঘটিত কৰা উক্ত বাহনখনে এই দুৰ্ঘটনাৰ পূৰ্বে আন দুই স্থানতো দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ৷ ঘটনা সংঘটিত কৰা ছুইফ্ট ডিজায়াৰ বাহনখনত আছিল তিনিজন যুৱক ৷ এই ঘটনাৰ পিছতে খেদি খেদি আৰক্ষীয়ে আটক কৰে যুৱক তিনিজনক ৷ আটকাধীন যুৱক তিনিজন ক্ৰমে আব্দুল হামিড (21), আখতাৰ আলি (27), চাৰজান আলি (23) বুলি জানিব পৰা গৈছে ৷

ইফালে, তিনিজন যুৱকক আৰক্ষীয়ে আটক কৰে যদিও ইয়াৰে আখতাৰ আলি (27) নামৰ যুৱকজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে ৷ বৰ্তমান আখতাৰ আলিৰ সন্ধান উলিয়াবলৈ আন দুজন যুৱকক সোধ-পোচ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : বৰপেটাৰোডত সন্দেহজনক সোণৰ নাওঁসহ দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.