ETV Bharat / state

এইবাৰ তেল ডিপুৰ কৰ্মচাৰীৰ শৰীৰত কৰ'ণা ভাইৰাছ

শোণিতপুৰৰ বালিপৰাত প্ৰথমটো কৰ'ণা সংক্ৰমণৰ ঘটনা ৷ এজন তেল ডিপুৰ কৰ্মচাৰীৰ শৰীৰত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷

one-corona-patient-found-at-sonitpur
এইবাৰ তেল ডিপুৰ কৰ্মচাৰীৰ শৰীৰত কৰ'ণা সংক্ৰমণ
author img

By

Published : Jun 25, 2020, 5:58 PM IST

ৰঙাপৰা,25জুনঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপৰাত ধৰা পৰিছে প্ৰথমটো কৰ'ণা সংক্ৰমণৰ ঘটনা। এই ঘটনা পোহৰলৈ অহাৰ পিছতে উদ্বিগ্ন হৈ উঠিছে অঞ্চলবাসী। বালিপৰ‍াৰ মাহিলিবস্তিৰ নিবাসী সঞ্জয় গুৰুঙৰ দেহত ধৰা পৰিছে COVID-19 ৰোগৰ স্থিতি। সঞ্জয় গুৰুং তেজপুৰ পৰুৱাস্থিত ময়ূৰ তেলৰ ডিপুৰ কৰ্মচাৰী আছিল।

এইবাৰ তেল ডিপুৰ কৰ্মচাৰীৰ শৰীৰত কৰ'ণা সংক্ৰমণ

লোকজনে বালিপৰাৰ মাহিলিবস্তিৰ নিজ বাসগৃহৰ পৰা দৈনিক অহা-যোৱা কৰিছিল তেজপুৰলৈ। তেখেতৰ দেহত COVID-19 ৰোগৰ স্থিতি ধৰা পৰাৰ পিছতেই বালিপৰাৰ মাহিলিবস্তিক জিলা প্ৰশাসনে কণ্টেইনমেন্ট জ'ন ঘোষণা কৰে। ইতিমধ্যে সঞ্জয় গুৰুং বালিপৰাৰ বহুলোকৰ সংস্পৰ্শলৈ অহাৰ আশংকা কৰা হৈছে।সংস্পৰ্শলৈ অহা লোকসকলক স্বাব পৰীক্ষা কৰাৰ বাবে যো-জা কৰিছে স্বাস্থ্য বিভাগে।

লগতে পঢ়কঃকলা শাখাৰ তৃতীয় স্থানত ডুমডুমাৰ মৌমিতা কোঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.