ETV Bharat / state

ওদালগুৰিৰ তিনিটা সমষ্টিৰ 691 টা ভোট কেন্দ্ৰৰ বাবে সাজু বিষয়া কৰ্মচাৰী

1 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ওদালগুৰি জিলাৰ পানেৰী, ওদালগুৰি আৰু মাজবাট সমষ্টিৰ 691 টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে সাজু হৈছে জিলা প্ৰশাসন ৷ 466965 জন ভোটাৰে 17 প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলগীয়া সমষ্টি কেইটাৰ 60 টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে ৷ ইতিমধ্যে জিলাখনৰ মুঠ 3316 গৰাকী চৰকাৰী বিষয়াক এই নিৰ্বাচনৰ বাবে নিয়োগ কৰা হৈছে ৷

author img

By

Published : Mar 31, 2021, 7:04 PM IST

ওদালগুৰিৰ তিনিটা সমষ্টিৰ 691টা ভোট কেন্দ্ৰৰ বাবে সাজু বিষয়া কৰ্মচাৰী

তেজপুৰ, ৩১ মাৰ্চ: ৰাজ্যত 39টা সমষ্টিত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে নির্বাচনী বিষয়া তথা প’লিং আৰু প্রিজাইডিং বিষয়া সকল। 1 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ওদালগুৰি জিলাৰ পানেৰী, ওদালগুৰি আৰু মাজবাট সমষ্টিৰ 691 টা ভোটগ্ৰহন কেন্দ্ৰৰ বাবে সাজু হৈছে জিলা প্ৰশাসন ৷ 466965 জন ভোটাৰে 17 প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলগীয়া সমষ্টি কেইটাৰ 60 টা ভোট গ্ৰহণ কেন্দ্ৰ মহিলাৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে ৷ ইতিমধ্যে জিলাখনৰ মুঠ 3316 গৰাকী চৰকাৰী বিষয়াক এই নিৰ্বাচনৰ বাবে নিয়োগ কৰা হৈছে ৷

উল্লেখ্য যে, জিলাখনত আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ অতিৰিক্ত 20 টাকৈ নাটো কোম্পানীৰ প্ৰয়োগ কৰা হৈছে যাতে সুচাৰুৰূপে ভোট গ্ৰহণ অনুষ্ঠিত কৰিব পাৰে । কাৰণ নিৰ্বাচনৰ দুদিন পূৰ্বে বিটিএডিৰ অন্যান্য এলেকাত অসম আৰক্ষীয়ে বহু অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিবলৈও সক্ষম হৈছিল । ওদালগুৰি জিলাৰ মুঠ 691 টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত 29 টা ভোট গ্ৰহণ কেন্দ্ৰত অত্যাধিক ভোট দান হয় বাবে এইবাৰ নিৰ্বাচনী বিভাগে এই 29 টা কেন্দ্ৰত চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক: মন্ত্ৰিত্বৰ প্ৰসংগ: আজমল জাকিৰ হুছেইন শিকদাৰৰ হাইকামাণ্ড নহয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.