ETV Bharat / state

শোণিতপুৰত বিয়াৰ ভোজ খাই চিকিৎসাধীন 350 গৰাকী - খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত সকলৰ চিকিৎসা

শোণিতপুৰত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা বৃদ্ধি (Sonitpur Food poisoning case) ৷ বৃহস্পতিবাৰে পুনৰ ১০৯ জন নতুনকৈ আক্ৰান্ত ৷

Sonitpur Food poisoning case: আক্ৰান্তৰ সংখ্যা প্ৰায় ৩৫০ জনলৈ বৃদ্ধি

author img

By

Published : May 5, 2022, 10:25 PM IST

তেজপুৰ,৫ মে’: শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ পুঠিমাৰি বাপুভেটিত হোৱা খাদ্যৰ বিষক্ৰিয়াৰ (Food poisoning in Poothimari ) ঘটনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা প্ৰায় ৩৫০ জনলৈ বৃদ্ধি পাইছে (numbers of food poisoning affected people increased) ৷ এই সকলৰ ভিতৰত আছে ২৮ টাকৈ শিশু ৷ মঙলবাৰে নিশাৰ পৰা আৰম্ভ হোৱা খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত সকলৰ চিকিৎসা অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে পুনৰ ১০৯জন নতুনকৈ আক্ৰান্ত হয় ৷

উল্লেখযোগ্য যে, অঞ্চলটোৰ বাসিন্দা প্ৰসন্ন বৰাৰ বিবাহৰ অভ্যৰ্থনাৰ খাদ্য গ্ৰহণৰ পাছতে এই লোক সকল বিষক্ৰিয়াত আক্ৰান্ত হোৱাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে বিহুগুৰি খণ্ড প্ৰাথমিক চিকিৎসালয় আৰু বিবাহ অনুষ্ঠিত হোৱা লোকজনৰ বাসগৃহৰ চৌহদতে অস্থায়ী চিকিৎসা শিৱিৰত চিকিৎসা আৰম্ভ কৰা হয় ৷ বৰ্তমান মুঠ ২৭০ জন লোক চিকিৎসাধীন হৈ আছে আৰু এইসকলৰ ভিতৰত ১০ জন বিহগুৰি খণ্ড প্ৰাথমিক চিকিৎসালয়ত, ৬০ জন তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু দুশ জনক বাপুভেটি প্ৰাথমিক বিদ্যালয়ত চিকিৎসা শিৱিৰ স্থাপন কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

জানিব পৰা মতে, চিকিৎসক তথা চিকিৎসা বিষয়া দুৰ্লভ শইকীয়াৰ নেতৃত্বত বুধবাৰে ২০জনীয়া আৰু আজি ৪০জনীয়া চিকিৎসক আৰু চিকিৎসাকৰ্মী দলে চিকিৎসা সেৱা আগবঢ়াইছে ৷ এই ঘটনা সন্দৰ্ভত চিকিৎসক শইকীয়াই কয় যে, বিয়াৰ একেই আহাৰ যি সকলে দিনৰ এক বজাৰ ভিতৰত গ্ৰহণ কৰিছিল সেই সকল এনে বিষক্ৰিয়াত আক্ৰান্ত হোৱা নাছিল ৷ একেদৰে ভকত সকলো ইয়াত আক্ৰান্ত হোৱা নাই আৰু তেওঁলোকৰ আহাৰ পৃথকে ৰন্ধা হৈছিল ৷

এনে অৱস্থাত পিছতহে খাদ্যত এই পৰ্যন্ত কাৰণ নিৰ্ণয় নোহোৱা বিষক্ৰিয়া আৰম্ভ হোৱা বুলি উল্লেখ কৰে তেওঁ (Cause of Food poisoning) ৷ ইপিনে, প্ৰথমতে আশংকা কৰা অনুসৰি মাছৰ পৰা বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা কম বুলিও সদৰি কৰো তেওঁ ৷ তেওঁ কয়, মাছৰ পৰা এই বিষক্ৰিয়া হোৱা হ’লে প্ৰায় সকলো লোকেই আক্ৰান্ত হ’লহেঁতেন ৷ মন কৰিব লগীয়া যে, বিয়াৰ খাদ্য তালিকাত থকা প্ৰতিবিধ খাদ্যৰ নমুনা সংগ্ৰহ কৰি ইতিমধ্যে পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক : দা জোকাৰি পুলিচক আইন শিকালে গৰু চোৰ পেটুৱাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.