ETV Bharat / state

এন এছ চি এন(আই এম)য়ে ৰাজনৈতিক নেতাক ধন দাবীৰ আশংকা - শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক

চোৰাংচোৱা সংস্থাৰ এক সূত্ৰৰ মতে, এন এছ চি এন (আই এম) ৰ কেডাৰে এতিয়া অব্যাহত ৰাখিছে ধন দাবী, হত্যা আৰু লুণ্ঠন । তদুপৰি সংগঠনটোৱে ৰাজনৈতিক নেতালৈ দিছে ধন দাবী পত্ৰ আৰু এই ধন দাবী পত্ৰ ইতিমধ্যে প্ৰেৰণ হৈছে । কিন্তু এতিয়া প্ৰশ্ন হৈছে এই ধন দাবী অসমৰ তথা চুবুৰীয়া সীমান্তৰ কোনো ৰাজনৈতিক দলৰ নেতালৈ প্ৰেৰণ কৰিছে নেকি !

nscn-cadre-arrested
এন এছ চি এন(আই এম)য়ে ৰাজনৈতিক নেতাক ধন দাবীৰ আশংকা
author img

By

Published : Nov 9, 2020, 4:06 PM IST

তেজপুৰ, ৯ নৱেম্বৰ : শেহতীয়াকৈ তেজপুৰত আটক কৰা এন. এছ. চি. এন. (আই এম ) ৰ এজন দুৰ্ধৰ্ষ কেডাৰ আটক হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰক্ষী আৰু চোৰাংচোৱা সংস্থা সমূহৰ মাজত ।
যোৱা শুকুৰবাৰে সন্ধিয়া তেজপুৰ মিচন চাৰিআলিৰ পৰা কলকাতাৰ ভাৰতীয় সেনাৰ চোৰাংচোৱা সংস্থাৰ খবৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে আটক কৰিছে দুধৰ্ষ কেডাৰক । অৰুণাচল প্ৰদেশৰ লংডিঙৰ বাসিন্দা খাম্পাই ৱাংশু (৩২) য়ে বাহৰ পাতিছিল নাগালেণ্ডৰ ডিমাপুৰত লগত অৰুণাচল প্ৰদেশৰ নেচনেল পিপুলছ পাৰ্টীৰ লংডিঙৰ উপ সভাপতি খুঙী মীক্ষমৰ লগত । চোৰাংচোৱা সংস্থাৰ এক সূত্ৰৰ মতে এন এছ চি এন (আই এম) ৰ কেডাৰে এতিয়া অব্যাহত ৰাখিছে ধন দাবী, হত্যা আৰু লুণ্ঠন । তদুপৰি সংগঠনটোৱে ৰাজনৈতিক নেতালৈ দিছে ধন দাবী পত্ৰ আৰু এই ধন দাবী পত্ৰ ইতিমধ্যে প্ৰেৰণ হৈছে । কিন্তু এতিয়া প্ৰশ্ন হৈছে এই ধন দাবী অসমৰ তথা চুবুৰীয়া সীমান্তৰ কোনো ৰাজনৈতিক দলৰ নেতালৈ প্ৰেৰণ কৰিছে নেকি ! যদি কৰিছে তেতিয়াহলে কি ব্যৱস্থা গ্ৰহণ কৰিব সুৰক্ষা বিভাগে ?

এন এছ চি এন(আই এম)য়ে ৰাজনৈতিক নেতাক ধন দাবীৰ আশংকা
আনহাতে তেজপুৰ আৰক্ষীয়ে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা এই দুয়োজনৰ ওপৰত চলায় মাৰথন জেৰা । শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নুমল মহাটাই ইটিভি ভাৰতক জনায় যে, এই বিষয়ে ইতিমধ্যে এক জেৰা চলি আছে ,কিন্তু অচিৰেই সমগ্ৰ ঘটনা পোহৰলৈ আহিব । আৰু চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ লগত এই বিষয়ে আলোচনা চলি আছে বুলি তেওঁ কয় ।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে নিৰ্বাচনৰ প্ৰাকখনত উগ্ৰপন্থী সংগঠন সমূহে পুনৰ আৰম্ভ কৰিব নেকি এনেধৰণৰ ধনদাবী আৰু কুটাঘাত মূলক কাৰ্য্য ?

লগতে পঢ়ক: সদৌ বিটিএডি নাথ-যোগী সন্মিলনীৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.