তেজপুৰ, 8 জুলাই : নাগালেণ্ডত পুনৰ এনএছচিএনৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ (Security Forces) অভিযান । বুধবাৰে নিৰাপত্তা বাহিনীয়ে আৰক্ষীৰ সহযোগত অভিযান চলাই নাগালেণ্ডৰ ফেক জিলাৰ পোৰবা গাঁৱৰ ওচৰত NSCN(K)ৰ দুজন সক্ৰিয় কেডাৰ আৰু এনএনচি(NPGN)ৰ এজন কেডাৰক আটক কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে আৰক্ষীৰ সৈতে এক যুটীয়া অভিযান চলাই কেডাৰ কেইজনক আটক কৰিবলৈ সক্ষম হয় ।
![nscn arrest in Nagaland](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-7july-03-pix-nscn-pranabkumardas-7203907_07072021171217_0707f_1625658137_966.jpg)
কেডাৰ কেইজনৰ পৰা এটা .৩৮ পিষ্টল, ১২ ৰাউণ্ড সজীৱ গুলী, এটা এ কে-৪৭ ৰাইফল (AK-47 rifle) আৰু ১৪ ৰাউণ্ড সজীৱ গুলী আৰু এখন বলেৰ’ বাহন জব্দ কৰে । উদ্ধাৰ হোৱা সামগ্ৰীৰ সৈতে আটক কৰা ব্যক্তিসকলক পৰৱৰ্তী অনুসন্ধানৰ বাবে ফেক জিলাৰ পিফুটচেৰো আৰক্ষী থানাক হস্তান্তৰ কৰা হৈছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : শপত গ্ৰহণত সৰ্বানন্দ সোণোৱালক সংগ দিব কামাখ্যা প্ৰসাদ তাছাই