ETV Bharat / state

অৰুণাচলৰ চিয়াং জিলাৰ ৰিগা গাঁৱৰ গাঁওবুঢ়ালৈ কৈফিয়ৎ তলব দণ্ডাধীশৰ - বান্দৰদেৱা সীমান্ত

অৰুণাচলৰ ৰিগা গাঁৱৰ গাওঁবুঢ়ালৈ কাৰ্যকৰী দণ্ডাধীশ সঞ্জয় তেৰাঙৰ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ । কিয়নো গাঁওবুঢ়াগৰাকীয়ে গাঁৱত বাহিৰৰ লোকৰ প্ৰৱেশ বন্ধ কৰিবলৈ মোতায়েন কৰিছে আদি জনগোষ্ঠীয় যোদ্ধা । ইয়াৰোপৰি তেওঁ গাঁওখনত বাহিৰৰ পৰা প্ৰৱেশ কৰা লোকক গুলীয়াই মৰাৰো ভাবুকি প্ৰদান কৰিছে ।

notice against head of the village of riga village arunachal

author img

By

Published : Apr 11, 2020, 8:53 PM IST

Updated : Apr 11, 2020, 10:04 PM IST

তেজপুৰ, 11 এপ্ৰিলঃ লক ডাউনক কেন্দ্ৰ কৰি অৰুণাচলৰ চিয়াং জিলাত সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ । জিলাখনৰ এটা প্ৰান্তৰ গাঁওবুঢ়া সকলে কৰ'ণাৰ আতংকৰ বাবে নিজেই ওলাই আহি, বাঁহৰ বেৰিকেড লগাই সেই গাঁওখনত প্ৰবেশ বন্ধ কৰিছে । আনহাতে বান্দৰদেৱা সীমান্ততো দেখিবলৈ পোৱা গৈছে অনুৰূপ দৃশ্য । বান্দৰদেৱা সীমন্তৰ ৰিগা গাঁৱৰ গাঁওবুঢ়াই বাহিৰৰ লোকৰ প্ৰৱেশ সেই গাঁৱত বন্ধ কৰিবলৈ মোতায়েন কৰিছে, অৰুণাচলৰ আদি জনগোষ্ঠীয় কেইগৰাকীমান যোদ্ধা । কেৱল এয়াই নহয় ! তেওঁ সেই গাঁওখনত বাহিৰৰ পৰা প্ৰৱেশ কৰা লোকক গুলীয়াই মৰাৰো ভাবুকি প্ৰদান কৰিছে । টাগু যেৰাঙৰ নামৰ গাঁওবুঢ়াগৰাকীয়ে দিয়া ভাবুকিৰ এই ভিডিঅ' ভাইৰেল হোৱাৰ পিচতে সৃষ্টি হৈছে উত্তেজনাৰ । যাৰ বাবে তেওঁলৈ কাৰ্যকৰী দণ্ডাধীশ সঞ্জয় তেৰাঙে এখন কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰে । লগতে গাঁওবুঢ়া গৰাকীক সেই কাৰ্য নকৰিবলৈয়ো নিৰ্দেশ প্ৰদান কৰে ।

অৰুণাচলৰ চিয়াং জিলাৰ ৰিগা গাঁৱৰ গাঁওবুঢ়ালৈ কৈফিয়ৎ তলব দণ্ডাধীশৰ

উল্লেখ্য যে, যিসময়ত কৰ'ণা সংক্ৰমণৰ ক্ষেত্ৰত 60ৰ উৰ্ধৰ লোকসকলক বিপদজনক বুলি ধৰা হৈছে, তেনে সময়তে চিয়াং জিলাৰ একাংশ 60ৰ উৰ্ধৰ গাঁওবুঢ়া বাহিৰলৈ ওলাই আহি বাঁহৰ বেৰিকেড লগোৱা কাৰ্য এক চিন্তনীয় বিষয় । গাঁৱৰ গাঁওবুঢ়া সকলৰ নিযুক্তি হয় ৩৫-৬০ বছৰৰ ভিতৰত, কিন্তু সেই স্থানত থকা বেছি সংখ্যকেই ৬০ বছৰৰ উৰ্ধৰ লোক । যাৰ বাবে এই COVID-১৯ৰ লক্ ডাউনৰ সময়ত বাহিৰত এইদৰে সমাগম হোৱাটো অতি ভয়ংকৰ কাৰ্য । কিয়নো বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশ মতে, এই বয়সৰ লোক বাহিৰত থকা তথা সামাজিক দুৰত্ব বজাই নৰখাটো বিপদজনক হ'ব পাৰে ।

লগতে পঢ়কঃ বজালীৰ ভিন্ন প্ৰান্ত পৰিদৰ্শন বিধায়ক পবিন্দ্ৰ ডেকাৰ

Last Updated : Apr 11, 2020, 10:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.