ETV Bharat / state

পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ন ৰূপত কাজিৰঙা - পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ন ৰূপত কাজিৰঙা

পৰ্যটকৰ সুবিধাৰ বাবে তিনিখনকৈ নতুন ঠাই সংযোজন ঘটোৱা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ এই নতুন ঠাই তিনিখন হৈছে- ভোমোৰাগুৰি, বান্দৰডুবি আৰু চিৰাং ৷ বিগত ছেপ্তেম্বৰ মাহতো উদ্যানখনত সংযোজন ঘটোৱা হৈছিল অন্য তিনিটা খণ্ড ৷ এই সংযোজনৰ বাবে উদ্যানখনৰ পৰিসৰ বৃদ্ধি পাব 915.53 বৰ্গ কিল’মিটাৰলৈ ৷

New area included in kaziranga national park assam etv bharat news
ন ৰূপত কাজিৰঙা
author img

By

Published : Oct 20, 2020, 9:39 PM IST

তেজপুৰ,20 অক্টোবৰ: 21 অক্টোবৰৰ পৰা পৰ্যটকৰ সুবিধাৰ্থে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ পৰ্যটকৰ সুবিধাৰ বাবে তিনিখনকৈ নতুন ঠাই সংযোজন ঘটোৱা হৈছে কাজিৰঙাত ৷ এই নতুন ঠাই তিনিখন হৈছে- ভোমোৰাগুৰি, বান্দৰডুবি আৰু চিৰাং ৷

এই তথ্য প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ৷ পূৰ্বে পৰ্যটকৰ বাবে মুকলি আছিল একমাত্ৰ উদ্যানখন সংযোগী এলেকাসমূহ ৷ এতিয়াৰে পৰা এই নতুন এলেকাতো ভ্ৰমণ কৰিব পাৰিব পৰ্যটকে ৷ এই নতুন আঁচনিয়ে সামৰি লব ভোমোৰাগুৰি-জীয়া ভৰলীৰ মাজৰ ৰাফটিং, বান্দৰডুবিৰ জীপ চাফাৰী, চিৰাঙৰ ট্ৰেকিং ব্যৱস্থাক ৷ এই সন্দৰ্ভত অনুষ্ঠিত হৈ গৈছে কেইবালানি বৈঠক ৷ এই ন সংযোজনে জীয়াভৰলী আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীৰ পৰা নামেৰী ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰদান কৰিব এক অনন্য মাত্ৰা ৷

ন ৰূপত কাজিৰঙা

বিগত ছেপ্তেম্বৰ মাহতো উদ্যানখনত সংযোজন ঘটোৱা হৈছিল অন্য তিনিটা খণ্ড ৷ সেই অনুসৰি, সপ্তম, অষ্টম আৰু নৱম সংযোজনত অন্তৰ্ভূক্ত হৈছে নগাঁও আৰু শোণিতপুৰ জিলাৰ কেইবাটাও অংশ ৷ এই সংযোজনে আগুৰিছে দেউচৰা-পালখোৱা সংশ্লিষ্ট ৰিজাৰ্ভ ফৰেষ্টৰ নগাঁও জিলাৰ 176 হেক্টৰ ভূমি ৷ অষ্টম সংযোজনত বান্দৰডুবিৰ ৩০৭ হেক্টৰ ভূমি, নৱম সংযোজনত শোণিতপুৰৰ মৌখোৱা চাপৰিৰ 2570 হেক্টৰ ভূমি ৷ ষষ্ঠ সংযোজনৰ জৰিয়তে সামৰি লোৱা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 430 বৰ্গ কিল’মিটাৰ ভূমি ৷ পূৰ্বে এইসমূহ এলেকা আছিল বেদখলকাৰীৰ কবলত ৷ চৰকাৰে এলেকাসমূহ বেদখল মুক্ত কৰি অন্তৰ্ভূক্ত কৰে উদ্যানখনত ৷ যিয়ে সহায় কৰিব বন্যপ্ৰাণীৰ বিচৰণৰ ক্ষেত্ৰত ৷ এই সংযোজনৰ বাবে উদ্যানখনৰ পৰিসৰ বৃদ্ধি পাব 915.53 বৰ্গ কিল’মিটাৰলৈ ৷ উদ্যান কৰ্তৃপক্ষৰ এনে পদক্ষেপ গ্ৰহণে বৃদ্ধি কৰিব পৰ্যটকৰ সংখ্যা ৷ এই আশা প্ৰকাশ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

লগতে চাওকঃ ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.