ETV Bharat / state

ফুল খেতিও হ'ব পাৰে স্বাৱলম্বীতাৰ পথ - Tezpur

তেজপুৰত ফুল আৰু উদ্যান শস্যৰ প্ৰতিযোগিতা

ফুল খেতিও হ'ব পাৰে স্বাৱলম্বীতাৰ পথ
author img

By

Published : Feb 9, 2019, 8:58 PM IST

তেজপুৰ, ৯ ফেব্ৰুৱাৰীঃ উদ্যান শস্য়ক অধিক টনকীয়াল কৰাৰ উদ্দেশ্য়ৰে উত্তৰ পূৱ আঞ্চলিকভূমি আৰু জল ব্যৱস্থাপনা আৰু অসম উদ্যান শস্য সমিতি শোণিতপুৰ সহযোগত শনিবাৰে আয়োজন কৰা হয় ফুল আৰু উদ্যান শস্যৰ এখন প্ৰতিযোগিতা ।

ফুল খেতিও হ'ব পাৰে স্বাৱলম্বীতাৰ পথ
undefined

উল্লেখ্য যে, আজিও অসমত ৮০ শতাংশ ফুল বহিঃ ৰাজ্যৰ পৰা আমদানি কৰা হয়। সেয়ে অসমত ফুলৰ চাহিদা বৃদ্ধি, লগতে স্বাৱলম্বীতাৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰিব পাৰি তাৰে প্ৰতি লক্ষ্য ৰাখিয়ে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । উত্তৰ পূৱ আঞ্চলিকভূমি আৰু জল ব্যৱস্থাপনা চমুকৈ নেৰীৱালমৰ সহযোগী অধ্যাপক মনোৰঞ্জন নাথে এই প্ৰতিযোগিতা সন্দৰ্ভত উল্লেখ কৰি কয় যে, প্ৰতিযোগিতাৰ মূল উদ্দশ্যেই হৈছে সাধাৰণ কৃষকক ফুল খেতিৰ প্ৰতি উৎসাহিত কৰাৰ লগতে ব্যৱসায়িক ভিত্তিতো কৃষকৰ আগ্ৰহ বৃদ্ধি কৰা ।

মুঠ ২৪ টা শাখাত ৩৪৯ বিধ সামগ্ৰী এই প্ৰতিযোগিতাত প্ৰদৰ্শনীত কৰা হয় । দুদিনীয়াকৈ আয়োজিত এই বিশেষ প্ৰতিযোগিতাত ঢেকীয়াজুলি, বিহগুৰি, ডিপোটা, বালিপৰা, নপাম, ধলাইবিল আদিকে ধৰি বহু দাঁতিকাষৰীয়া অঞ্চলৰ কৃষকে অংশ গ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ বিচাৰকৰূপে উপস্থিত থাকে কৃষি বিভাগৰ উপ সঞ্চালক ডঃহৰেশ্বৰ দাস, কৃষি বিজ্ঞান কেন্দ্ৰ তেজপুৰৰ বিষয় বস্তু বিশেষজ্ঞ দ্বয় অংগনা শৰ্মা আৰু আৰিফা মমতাজ ।

তেজপুৰ : উদ্যান শস্য আৰু ফুলৰ খেতি ৰাজ্যখনত স্বাৱলম্বীতাৰ পথ হব পাৰে। আজিও অসমত ৮০ শতাংশ ফুল বহিঃ ৰাজ্যৰ পৰা আমদানি  হয়। ফুলৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাই আহাৰ লগে লগে ফুলৰ বজাৰখনৰ জোৰা মাৰিছে অন্যান্য ৰাজ্যই। এই খেতি সমুহ কৃষকৰ মাজত বিয়পি পৰাৰ লগত ই স্বাৱলম্বীতাৰ পথ হব পাৰে কৃষকক মনোবল গঢ়ি তোলাৰ বাবে উত্তৰ পূৱ আঞ্চলিকভূমি আৰু জল ব্যবস্থাপনা আৰু অসম উদ্যান শস্য সমিতি শোণিতপুৰ সহযোগত  আয়োজিত ফুল আৰু উদ্যান শস্য প্ৰতিযোগিতা সন্দৰ্ভত এনেদৰে কয় উত্তৰ পূৱ আঞ্চলিকভূমি আৰু জল ব্যবস্থাপনা চমুকৈ নেৰীৱালমৰ সহযোগী অধ্যাপক মনোৰঞ্জন নাথে। ফুল, ফল, মচলা জাতীয় শস্য, জাম-জেলিকে ধৰি মুঠ ২৪ শাখাত ৩৪৯ বিধ প্ৰতিযোগিতামূলক প্ৰদৰ্শনীত অংশ গ্ৰহন কৰে। দুদিনীয়াকৈ আয়োজিত এই বিশেষ প্ৰতিযোগিতাত ঢেকীয়াজুলি, বিহগুৰী, ডিপুটা, তেজপুৰ, বালিপৰা, নপাম, ধলাইবিলকে ধৰি দাঁতিকাষৰীয়া অঞ্চলৰ কৃষকে অংশ গ্ৰহন কৰে। সহযোগী অধ্যাপক নাথে আৰু কয় সাধাৰন কৃষকে যাতে ফুলৰ খেতিত উৎসাহ বাঢ়ে আৰু ব্যৱসায়িক ভিত্তিত তথা  কৃষিত  প্ৰতিযোগিতা বৃদ্ধিয়ে কৃষকৰ আগ্ৰহ বৃদ্ধি কৰাৰ বাবে নেৰীৱালমে এই পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰী কৰে। দুদিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাৰ বিচাৰকৰূপে কৃষি বিভাগৰ উপ সঞ্চালক ডঃহৰেশ্বৰ দাস, কৃষি বিজ্ঞান কেন্দ্ৰ তেজপুৰৰ বিষয় বস্তু বিশেষজ্ঞ দ্বয় অংগনা শৰ্মা আৰু আৰিফা মমতাজ  উপস্হিত থাকে। নানা ৰঙী ফল ফূলে প্ৰদৰ্শনী অধিক মনোগ্ৰাহী কৰি তোলে। উদ্যান শস্য সমিতিৰ বিষয়ববীয়া গুলনূৰ বেগমে জৈৱিক ফলমূল আৰু শষ্য ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে উৎপাদন কাৰ্যৰে জড়িত হৈ ৰোগৰ পৰা আংশিক পৰিত্ৰাণ পাব পাৰি বুলি কয়।

Byte::: মনোৰঞ্জন নাথ 

Pranab kumar Das, ETV Bharat, Assam
Tezpur
9/2/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.