ETV Bharat / state

National Public Relations Day: তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় গণসংযোগ দিৱসৰ আয়োজন - Tezpur University

২১ এপ্ৰিলত তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগে গণসংযোগ দিৱস উদযাপন কৰিব (Tezpur University) । অনুষ্ঠানটোত বিষয়ভিত্তিক অধিবেশনৰ আয়োজন কৰা হৈছে ।

Public Relations Society of India
ৰাষ্ট্ৰীয় গণসংযোগ দিৱসৰ আয়োজন
author img

By

Published : Apr 20, 2023, 7:43 PM IST

তেজপুৰ, ২০ এপ্ৰিল: তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে অহা ২১ এপ্ৰিলত ৰাষ্ট্ৰীয় জনসংযোগ দিৱস উদযাপন কৰাৰ উদ্দেশ্যে "প্ৰভা " শীৰ্ষক বিশেষ অনুষ্ঠান আয়োজন কৰিছে । ইয়াৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জনসংযোগ আৰু যোগাযোগৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা (National Public Relations Day)।

ভাৰতীয় জনসংযোগ ছ’চাইটিৰ (Public Relations Society of India) বিষয়বস্তুৰ আধাৰত “জি-২০ আৰু ভাৰতীয় মূল্যবোধ: জনসংযোগৰ দৃষ্টিভংগী” ক এই অনুষ্ঠানৰ বিষয়বস্তু হিচাপে বাছি লোৱা হৈছে । এই অনুষ্ঠানটোত বিষয়ভিত্তিক অধিবেশন আৰু পেনেল আলোচনা, জনসংযোগৰ ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ ভাষণৰ লগতে বিভাগীয় প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ উপৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব (National Public Relations Day in TU)।

অনুষ্ঠানটোৰ সন্দৰ্ভত গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অভিজিৎ বৰাই কয়, ‘‘প্ৰভাৰ জৰিয়তে ৰাষ্ট্ৰীয় জনসংযোগ দিৱস উদযাপন কৰিবলৈ পাই আমি উৎফুল্লিত হৈছোঁ ৷ য’ত জনসংযোগৰ ক্ষেত্ৰখনত কৰ্মৰতসকলক একত্ৰিত কৰি ইয়াৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হ’ব । এই অনুষ্ঠানে বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন জনসংযোগ অনুশীলনকাৰী সকলৰ সৈতে মত বিনিময় আৰু অন্তৰ্দৃষ্টি লাভ কৰাৰ এক উৎকৃষ্ট মঞ্চ প্ৰদান কৰিব ।”

দিনজোৰা কাৰ্যসূচীৰে এই অধিবেশন অনুষ্ঠিত কৰা হ'ব । এই অধিবেশনখনক মূলত দুটা বিষয়বস্তুত বিভক্ত কৰা হৈছে । প্ৰথম বিষয় ভিত্তিক অধিবেশন ‘Decoding the PR Umbrella'ৰ সমল ব্যক্তি হিচাবে উপস্থিত থাকিব ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডৰ ইলোৰা বৰুৱা, অসম চৰকাৰৰ অধীনৰ জনসংযোগ বিষয়া স্বক্যয়াৰ ডেকা, জিলা তথ্য আৰু জনসংযোগ কৰ্মী নীনা বৰুৱা, শোণিতপুৰৰ সম্পৰ্ক বিষয়া আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসংযোগ আৰু তথ্য বিষয়া সমৰেশ বৰ্মন ।

আনহাতে,দ্বিতীয় বিষয়ভিত্তিক অধিবেশনত তিনিগৰাকী পেনেলিষ্টে ‘Theory to Practice: Measuring PR Effectiveness 'ত আলোচনা কৰিব । পেনেলিষ্টসকলৰ ভিতৰত থাকিব ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ জয়তা দাস, অসম চৰকাৰৰ অধীনৰ জনসংযোগ বিষয়া দিব্যজ্যোতি শৰ্মা আৰু গ্ৰীড ইণ্ডিয়াৰ কুৱলী হাজৰিকা ।

লগতে পঢ়ক:Amrit pal Singh updates: ডিব্ৰুগড় কাৰাগাৰত উপস্থিত দলজিৎ সিং কালচিৰ পৰিয়ালৰ লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.