ETV Bharat / state

নাৰায়ণপুৰ শিক্ষা খণ্ডত টকা দিলেই বদলি হয় কৰ্মস্থান - narayanpur education sector

নাৰায়ণপুৰ শিক্ষা খণ্ডত এতিয়া টকা দিলেই নিজৰ ইচ্ছা অনুসৰি বিদ্যালয় সলনি কৰিব পাৰে শিক্ষকে । অভিযোগ অনুসৰি নাৰায়ণপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসৰ ছত্ৰছায়াত এই সুযোগ লাভ কৰিছে শিক্ষকসকলে ।

নাৰায়ণপুৰ শিক্ষা খণ্ডত টকা দিলেই বদলি হয় কৰ্মস্থান

author img

By

Published : Mar 19, 2021, 4:11 PM IST

Updated : Mar 19, 2021, 4:26 PM IST

লখিমপুৰ, 19 মাৰ্চ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শিক্ষা খণ্ডত এতিয়া টকা দিলেই নিজৰ ইচ্ছা অনুসৰি বিদ্যালয় সলনি কৰিব পাৰে শিক্ষকে । অভিযোগ অনুসৰি নাৰায়ণপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসৰ ছত্ৰছায়াত এই সুযোগ লাভ কৰিছে শিক্ষকসকলে । ৰাজ্যজুৰি চলি থকা নিৰ্বাচনী বিধি উলংঘা কৰি শিক্ষক বদলিত নামিছে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকী ৷

নাৰায়ণপুৰ শিক্ষা খণ্ডত টকা দিলেই বদলি হয় কৰ্মস্থান

জানিব পৰা মতে, শিক্ষাখণ্ডটোৰ অন্তৰ্গত কটকীচুক অমৰজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ পৰা মিতালী শইকীয়া নামৰ শিক্ষয়িত্ৰী গৰাকীক ৰাধিকা প্ৰাথমিক বিদ্যালয়লৈ বদলি কৰা কাৰ্যই এতিয়া সকলোৰে মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ লগতে এই কাৰ্য শিক্ষা বিষয়াগৰাকীৰ অনিয়মৰ সমগ্ৰ বিষয়টো পোহৰলৈ আনিছে ৷

নিৰ্বাচনী বিধি বলৱৎ হৈ থকাৰ লগতে শিক্ষা বিভাগে শিক্ষক বদলিকৰণ বন্ধ ৰখাৰ সময়ত শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসে ভুৱা নথি পত্ৰৰে একমাত্ৰ ধনৰ বিনিময়ত শিক্ষক বদলিত নামি পৰিছে ৷ উল্লেখ্য যে, পূৰ্বেও শিক্ষা বিষয়াগৰাকীৰ বিৰুদ্ধে বিভাগীয় নীতি-নিৰ্দেশনা উলংঘা কৰি একাধিক শিক্ষকক বদলি কৰাৰ অভিযোগ আছে ৷

লগতে পঢ়ক : জনীয়াৰ মহাজোঁটৰ প্ৰাৰ্থী ড° ৰফিকুল ইছলামৰ মনোনয়ন দাখিল

Last Updated : Mar 19, 2021, 4:26 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.