ETV Bharat / state

MV Ganga Vilas : এম ভি গংগা বিলাসৰ পৰ্যটকক আদৰিবলৈ সাজু তেজপুৰ

author img

By

Published : Feb 22, 2023, 5:26 PM IST

তেজপুৰত বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ-এম ভি গংগা বিলাসৰ যাত্ৰীক আদৰিবলৈ প্ৰস্তুতি সম্পন্ন (MV Ganga Vilas will reached Tezpur) । বৃহস্পতিবাৰে তেজপুৰ জাহাজঘাটত উপস্থিত হ'ব গংগা বিলাস । ইতিমধ্যে পৰ্যটকসকলক আদৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে ।

Tezpur
Tezpur

তেজপুৰ, ২২ ফেব্ৰুৱাৰী : তেজপুৰ জাহাজঘাটত বৃহপতিবাৰে আহি উপস্থিত হ'ব বিশ্বৰ আটাইতকৈ দৈৰ্য্য দূৰত্বৰ অত্যাধুনিক নদী ক্ৰুজ এম ভি গংগা বিলাস (World longest distance river cruise) । অত্যাধুনিক নদী জাহাজখনত অহা বিদেশী পৰ্যটকসকলক আদৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে প্ৰস্তুতি তুংগত কৰি তুলিছে (MV Ganga Vilas will reached Tezpur) । বিদেশী পৰ্যটকসকলে তেজপুৰৰ ঐতিহাসিক ঠাইসমূহ পৰিদৰ্শন কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে পৰ্যটকৰ বাবে ব্যৱস্থা কৰিছে একোখনকৈ ই-ৰিক্সা । এই ৰিক্সাত উঠি বিদেশী পৰ্যটকৰ দলে পৰিদৰ্শন কৰিব তেজপুৰৰ ঐতিহাসিক দ-পৰ্বতীয়া তোৰণ আৰু চিত্ৰলেখা উদ্যান (MV Ganga Bilas in Assam) ।

জাহাজঘাটৰ পৰা পৰ্যটকক নিব ই-ৰিক্সাৰে
জাহাজঘাটৰ পৰা পৰ্যটকক নিব ই-ৰিক্সাৰে

চিত্ৰলেখা উদ্যানত জিলা প্ৰশাসনে পৰ্যটকৰ বাবে আয়োজন কৰা এক বিশেষ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিব । তাৰ বাবে ইতিমধ্যে ন-ৰূপত সজাই তোলা হৈছে ঐতিহাসিক তেজপুৰ জাহাজঘাট । উল্লেখ্য, পূৰ্বে ১৯৮৭ চনলৈকে এই জাহাজঘাটৰ পৰা দৈনন্দিন ফেৰী সেৱা চলিছিল । তেজপুৰ চহৰৰ পৰা শিলঘাটলৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত চলিছিল এই ফেৰী সোৱা । ১৯৮৭ চনত কলিয়া ভোমোৰাৰ প্ৰথম দলংখন মুকলি কৰাৰ পিচত এই সেৱা বন্ধ হৈ পৰে আৰু বৰ্তমান ফেৰী সেৱা বুঢ়াচাপৰি আৰু লাওখোৱালৈকে প্ৰৱৰ্তন আছে ।

তেপুৰত উপস্থিত হ'ব এমভি গংগা বিলাস
তেপুৰত উপস্থিত হ'ব এমভি গংগা বিলাস

কিন্তু দুৰণিবটীয়া যাত্ৰীৰে এইবাৰ বহুদিনৰ মূৰত ব্ৰহ্মপুত্ৰ নদীৰে তেজপুৰত উপস্থিত হ'ব । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ এম ভি গংগা বিলাস ক্ৰুজৰ যাত্ৰা যোৱা ১৩ জানুৱাৰীত উদ্বোধন কৰিছিল । যোৱা ১৩ জানুৱাৰীত এম ভি গংগা বিলাসে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । ভাৰত আৰু বাংলাদেশৰ 27 খন নদী প্ৰণালী পাৰ হৈ অসমৰ ডিব্ৰুগড় পাবলৈ 51 দিনত প্ৰায় 3,200 কিলোমিটাৰ ভ্ৰমণ কৰাৰ পৰিকল্পনা নিৰ্ধাৰণ কৰা হৈছিল (MV Ganga River Cruise) ।

সাজু কৰা হৈছে তেজপুৰ জাহাজঘাট
সাজু কৰা হৈছে তেজপুৰ জাহাজঘাট

এম ভি গংগা বিলাসৰ তিনিটা ডেক আছে । আনহাতে, 36 জন পৰ্যটকৰ ক্ষমতাৰ সৈতে 18 টা চুইচ আছে । লগতে সকলো বিলাসী সুবিধা আছে এমভি গংগা বিলাসত । প্ৰথম যাত্ৰাটোত ছুইজাৰলেণ্ড আৰু জাৰ্মানীৰ পৰা ২৮ জন পৰ্যটকে যাত্ৰা কৰিছে । অধিকাংশ যাত্ৰীৰ বয়স ৫০ বছৰ ঊৰ্ধ্বৰ । ৫১ দিনীয়া এই ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছে বিশ্ব ঐতিহ্যক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদীঘাট আৰু বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ চাহিবগঞ্জ, পশ্চিমবংগৰ কলকাতা, বাংলাদেশৰ ঢাকা আৰু অসমৰ গুৱাহাটীকে ধৰি ৫০ খন পৰ্যটনস্থলী ভ্ৰমণ ।

এই অত্যাধুনিক ক্ৰুজে যোৱা ১৩ জানুৱাৰীত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু ক্ৰুজখনে ৩,২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি অহা ১ মাৰ্চত ডিব্ৰুগড়ত উপস্থিত হ’ব । যাত্ৰাপথত তেওঁলোকে পবিতৰা অভয়াৰণ্য, মায়ং পৰিদৰ্শন কৰি তেজপুৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :MV Ganga Vilas Cruise: ৰাজধানী চহৰ গুৱাহাটীত উপস্থিত এম ভি গংগা বিলাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.