ETV Bharat / state

জাতিৰ সুৰক্ষাত যিকোনো কাম কৰিবলৈ প্ৰস্তুতঃ পদ্ম হাজৰিকা

author img

By

Published : Aug 1, 2020, 9:07 PM IST

চৌকিঘাটত খিলঞ্জীয়াক আক্ৰমণ কৰা ঘটনাক লৈ সৰৱ হৈ পৰে বিধায়ক পদ্ম হাজৰিকা ৷ ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ নেতা ৰিপুণ বৰাক তীব্ৰ কটাক্ষ কৰে পদ্ম হাজৰিকাই ৷

MLA Padma Hazarika Reply Against  Congress Leader Ripun Bora At Satia
জাতিৰ সুৰক্ষাত যিকোনো কাম কৰিবলৈ প্ৰস্তুতঃ পদ্ম হাজৰিকা

চতিয়া,১ আগষ্টঃ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ চৌকিঘাটত যোৱা বৃহস্পতি বাৰৰ দিনা সন্দেহযুক্ত নাগৰিকৰ আক্ৰমণত চৰকাৰী বিষয়াকে ধৰি বহু কেইজন থলুৱা যুৱক আহত হোৱাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিষয়ে সংবাদ মাধ্যমত কৰা মন্তব্যৰ বিৰুদ্ধে ওভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক ৷

তেওঁ কৈছে যে,ৰিপুন বৰাই তিহাৰ জে'ললৈ গৈ সকলো পাহৰিলে,ৰিপুন বৰাই থলুৱা যুৱকক আক্ৰমন কৰাত বেজাৰ পোৱা নাই ৷ তেওঁৰ গুৰুত্ব মই বন্দুকটো হাতত লোৱাৰ দিশটোত হে ৷ নিজৰ জাতিটোলৈ বিপদ মাতি আনি গাদী দখল কৰাৰ যদি কংগ্ৰেছে সপোন দেখিছে,তেন্তে সেয়া অলিক কল্পনা বুলি উল্লেখ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

জাতিটোক সুৰক্ষাৰ স্বাৰ্থত যিকোনো পৰ্যায়লৈকে যাবলৈ প্ৰস্তুত বুলিও পদ্ম হাজৰিকাই হুংকাৰ দিয়ে ৷ লগতে পোন্ধৰটা বছৰে কংগ্ৰেছ দলৰ শাসন কালতেই এই অঞ্চলত বিদ্যুৎ সংযোগকে ধৰি বিদ্যালয় স্থাপন কোনে কৰিছিল বুলি তীব্ৰ কটাক্ষ কৰে বিধায়কজনে ৷ লগতে ভোট বেংকৰ লোভত কংগ্ৰেছ দলে এনেধৰণৰ কাৰ্যৰ সপক্ষে মাত মাতে ৷ গতিকে ৰিপুন বৰাৰ এই মন্তব্যৰ বিৰুদ্ধে আগন্তুক 2021 চনৰ নিৰ্বাচনত অসমৰ ৰাইজে কংগ্ৰেছ দলটোক ব্ৰহ্মপুত্ৰত পেলাই দিব বুলি কটাক্ষ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

লগতে পঢ়ক- প্ৰমোদ বড়োৱে বিটিচি পৰিষদ গঠন কৰিব নোৱাৰেঃনৱ কুমাৰ শৰণীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.