ETV Bharat / state

Padma Hazarika Criticizes Congress : জাতীয়তাবাদী শিবিৰৰ নেতাই কংগ্ৰেছত যোগদান কৰাটো কোনো নতুন কথা নহয়: পদ্ম হাজৰিকা - APCC joining program

অমৃত কলহৰ পৰা গৰুখুঁটি প্ৰকল্পলৈ কংগ্ৰেছক সমালোচনা বিধায়ক পদ্ম হাজৰিকাৰ ৷ বিধায়ক হোৱাৰ সপোন পূৰণৰ স্বাৰ্থতে প্ৰবীণ বড়োৱে কংগ্ৰেছ দলত যোগদান কৰিছে বুলি কয় বিধায়ক পদ্ম হাজৰিকাই ৷

MLA Padma Hazarika Criticizes Congress
বিধায়ক পদ্ম হাজৰিকা
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 6:19 PM IST

কংগ্ৰেছক সমালোচনা বিধায়ক পদ্ম হাজৰিকাৰ

তেজপুৰ, ১১ অক্টোবৰ : কংগ্ৰেছক কিয় ৰাইজে আদৰি নলয় ? ক'লে বিধায়ক পদ্ম হাজৰিকাই ৷ “জাতীয়তাবাদী শিবিৰৰ নেতাই কংগ্ৰেছত যোগদান কৰাটো কোনো নতুন কথা নহয় ৷ ভৰত নৰহে এই ক্ষেত্ৰত বাটকটীয়াৰূপে যোগদান কৰিছিল ৷” তেজপুৰত এই মন্তব্য একালৰ জাতীয়তাবাদী শিবিৰৰ নেতা তথা পিছলৈ গেৰুৱা বসন পিন্ধা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷

তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত অৰুণোদয়-২.০ ৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি বিধায়ক হাজৰিকাই কয় যে, শিবিৰৰ পৰা যোৱা বা শিবিৰ সলোৱাটো নতুন কথা নহয় ৷ প্ৰবীণ বড়ো সন্দৰ্ভত পদ্ম হাজৰিকাই একালৰ সতীৰ্থৰূপে মন্তব্য কৰি বিধায়ক হোৱাৰ সপোন পূৰণৰ স্বাৰ্থতে প্ৰবীণ বড়োৱে কংগ্ৰেছ দলত যোগদান কৰিছে বুলি কয় ৷ লগতে তেওঁ এইক্ষেত্ৰত নিৰাপদ অনুভৱ কৰিহে আগবঢ়া বুলি সদৰী কৰে বিধায়কগৰাকীয়ে ৷

অমৃত কলহ যাত্ৰা বিতৰ্ক সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাই কয় যে, এই কাৰ্যসূচী প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা আৰু ৰাজনীতিৰ উৰ্ধত ৷ এই যাত্ৰাত সকলো স্তৰৰ লোকে অংশগ্ৰহণ কৰিছে ৷ কোনোবাই নিজৰ দেশ-মাটিক ভাল পাই সহযোগিতা কৰাটোত ৰাজনীতি কৰা উচিত নহয় ৷ কংগ্ৰেছ দলক লক্ষ্য কৰি বিধায়ক হাজৰিকাই কয় যে, যদি কোনোবা দলে সংকীৰ্ণতাৰে ইয়াক চাইছে তেন্তে সেই দলটোৰ বাবেই ই মংগলজনক নহয় ৷ আমি ৰাজনীতি কিয় কৰিছো বুলিও লগতে ব্যাখ্যা আগবঢ়ায় হাজৰিকাই ৷

কংগ্ৰেছ দলটোক ৰাইজে কিয় প্ৰত্যাখ্যান কৰি আহিছে তাৰো বৰ্ণনা কৰিলে বিধায়ক হাজৰিকাই ৷ তেওঁ কয় যে, ৰাইজৰ আৱেগ-অনুভূতিক আমি সন্মান জনালেহে ৰাইজে আমাক আদৰি ল'ব ৷ লগতে গৰুখুঁটি প্ৰকল্প প্ৰসংগতো মন্তব্য বিধায়কগৰাকীৰ ৷ তেওঁ কয় যে, গৰুখুঁটি প্ৰকল্প এক মুকলি ব্যৱস্থা ৷ য'ত কেম্প পাতি থলুৱা ৩০০ নিবনুৱা যুৱকে দিনে-নিশাই উৎপাদনমুখী কামত জড়িত হৈ আছে ৷ তেনেস্থলত বেদখলকাৰী তথা সন্দেহজনক নাগৰিকৰ সপক্ষত থকা কংগ্ৰেছ দলৰ গৰুখুঁটি প্ৰকল্পক লৈ জ্বলন হোৱা বা আন প্ৰকাৰন্তৰে কথা কোৱাটো স্বাভাৱিক ৷

লগতে পঢ়ক : APCC joining program: প্ৰবীণ বড়ো-প্ৰণয় ৰাভাসহ কেইবাগৰাকীও প্ৰভাৱশালী নেতাৰ কংগ্ৰেছত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.