ETV Bharat / state

MLA Padma Hazarika : মুখত বিহুনাম হাতত পল লৈ মাছ ধৰাত ব্যস্ত বিধায়ক পদ্ম হাজৰিকা - Assam MLA Busy In Fishing

হাতত পল লৈ মাছ মৰাত ব্যস্ত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ পলত ৩ কেজিৰ পৰা ৭ কেজি ওজনৰ মাছ ধৰি উৎফুল্লিত বিধায়ক পদ্ম হাজৰিকা (MLA Padma Hazarika Busy In Fishing) ৷

MLA Padma Hazarika Busy In Fishing
মাছ মৰাত ব্যস্ত বিধায়ক পদ্ম হাজৰিকা
author img

By

Published : Apr 11, 2023, 1:30 PM IST

হাতত পল লৈ মাছ মৰাৰ আনন্দ ল’লে বিধায়ক পদ্ম হাজৰিকাই

চতিয়া, 11 এপ্ৰিল : এইবাৰ ব্যতিক্ৰমী ৰূপত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ৷ হাতত পল লৈ সংগীৰ সৈতে মাছ মৰাৰ আনন্দ ল’লে বিধায়ক পদ্ম হাজৰিকাই ৷ কন্যকা কৃষি পামৰ পুখুৰী তথা বিলসদৃশ পিতনিত, বিহু গাই গাই মাছ মৰাৰ আনন্দত মগ্ন হৈ পৰা দেখা গ'ল বিধায়কগৰাকীক (MLA Padma Hazarika Busy In Fishing) ৷

প্ৰতিটো বিহুৰ কেইদিনমান আগৰপৰাই এইদৰেই পৰম্পৰাগতভাৱে পল মাৰি মাছ ধৰাৰ সংস্কৃতি আৰম্ভ কৰিছিল বিধায়কগৰাকীয়ে ৷ সেই পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো ৰঙালী বিহুৰ কেইদিনমান পূৰ্বে এনেদৰে হাতত পলহ লৈ মাছ ধৰা দেখা গ'ল বিধায়কগৰাকীক ৷ মূৰত গামোচাৰ পাগুৰি মাৰি, হাতত পল লৈ এইদৰেই লগত কেবাগৰাকীও সংগীক লগত লৈ ওৰেতো দিন পানীত নামি মাছ ধৰাত ব্যস্ত হৈ পৰিল চতিয়া সমষ্টিৰ বিধায়কগৰাকী (MLA Padma Hazarika Sootea Constituency) ৷

কন্যকা কৃষি পামৰ পুখুৰী তথা বিলসদৃশ পিতনিত নামি বিধায়কগৰাকীয়ে বিহু গাই গাই আনন্দ মনে ইফালৰ পৰা সিফালে পল মাৰি মাছ ধৰাৰ চেষ্টা বিধায়কগৰাকীৰ ৷ বিধায়কগৰাকীৰ পলহত ধৰাও দিলে শ’ল, মাগুৰ, বাহু, ভকুৱা, ৰৌ, পিঠিয়া, গ্ৰাচকাপ, কমনকাপকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছে ৷ প্ৰায় ৩ কেজিৰ পৰা ৭ কেজি ওজনৰ মাছে বিধায়কগৰাকীৰ পলহত ধৰা দিয়া দেখা পোৱা গ’ল ৷ উৎসৱমুখৰ পৰিৱেশৰ মাজত বিহুৰ প্ৰাকক্ষণত এনেদৰে মাছ ধৰি উৎফুল্লিত হৈ পৰা দেখা গ'ল বিধায়কগৰাকীক ৷ নিজ হাতৰে ধৰা মাছেৰে দুপৰীয়া কন্যকাৰ চৌহদত আয়োজন কৰা হ'ল ভোজ-ভাতৰ (Bihu Preparation in Assam) ৷

অসমীয়া গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটা এই পল মৰা প্ৰথা এগৰাকী জনপ্ৰতিনিধিয়ে প্ৰতিটো বিহুৰ প্ৰাকক্ষণত নিজে পল মাৰি জীয়াই ৰাখিবলৈ কৰা প্ৰয়াসক ইতিবাচক দিশ বুলিয়েই মন্তব্য কৰিছে স্থানীয় ৰাইজে (Assam MLA Busy In Fishing) ৷

লগতে পঢ়ক: Amit Shah in Dibrugarh : ডিব্ৰুগড়ত বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ ভূমি পূজনত অংশ ল'ব গৃহমন্ত্ৰী শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.