ETV Bharat / state

চতিয়াত কৰ'ণাতংক, সমষ্টিৰ বুজ ল'লে বিধায়ক পদ্ম হাজৰিকাই - সমষ্টিৰ বুজ ল'লে বিধায়ক পদ্ম হাজৰিকাই

কলিকতাৰ পৰা নিজ গৃহত উপস্থিত হৈছিল টোকাও গয়াৰী নামৰ লোকজন ৷ লোকজনৰ উপস্থিতিত হাহাকাৰ লাগে স্থানীয় ৰাইজৰ ৷ এই ঘটনাৰ পাছত তৎপৰ হৈ পৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ বিশ্বনাথ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত স্বাস্থ্য সম্পৰ্কীয় তথা প্ৰশাসনিক ব্যৱস্থাসমূহ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰে বিধায়ক গৰাকীয়ে ৷

ETV BHARAT
চতিয়াত হাহাকাৰ পৰিস্থিতিত ৰাইজ
author img

By

Published : May 18, 2020, 12:32 PM IST

চতিয়া,১৭ মেঃ বিশ্বনাথ জিলাৰ অন্তৰ্গত বালিজুৰিৰ ফাকৰেগাঁৱৰ টোকাও গয়াৰী নামৰ ব্যক্তিজনৰ দেহত কভিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰা বুলি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰাৰ পাছতে শোণিতপুৰ আৰু বিশ্বনাথ জিলাত ব্যাপক আতংকৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে এই ঘটনাৰ পাছতেই তৎপৰ হৈ পৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷

চতিয়াত হাহাকাৰ পৰিস্থিতিত ৰাইজ

উল্লেখ্য যে, চেৰফাংগুৰি, ১ নং ফাকেৰগুৰি আৰু ২ নং ফাকেৰগুৰিত কোৱাৰেন্টাইন জ'ন হিচাপে ইতিমধ্যে বিশ্বনাথ জিলা প্ৰশাসনে ঘোষণা কৰিছে ৷ কলকাতাৰ এখন হোটেলত কাম কৰি থকা টোকাও গয়াৰী ১৪ মে'ত বাছ আৰু ট্ৰাকেৰে তেজপুৰত উপস্থিত হৈছিল ৷ তেজপুৰৰ মিছন চাৰিআলিৰ পৰা এখন টেম্প' ভাৰা কৰি নিজ গৃহত উপস্থিত হৈছিল লোকজন ৷ এই ঘটনাৰ পাছত তৎপৰ হৈ পৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷

বিধায়ক গৰাকীয়ে দেওবাৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ ফাকেৰগুৰি গাঁৱত উপস্থিত হয় আৰু স্বাস্থ্য সম্পৰ্কীয় তথা প্ৰশাসনিক ব্যৱস্থাসমূহ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰে ৷ প্ৰশাসনে ছীল কৰি দিয়া অঞ্চলটোৰ বাসিন্দা সকলৰ প্ৰায় সংখ্যকেই দুখীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত তৎকালিনভাৱে খাদ্য সামগ্ৰী, পানী আদি যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰে বিধায়ক গৰাকীয়ে ৷ উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ প্ৰতিনিধি, পঞ্চায়ত প্ৰতিনিধি তথা নাগৰিকেৰে আলোচনাত মিলিত হৈ বিধায়ক গৰাকীয়ে আক্ৰান্ত ব্যক্তি গৰাকীৰ সংস্পৰ্শলৈ অহা পৰিয়াল তথা গাঁৱৰ লোক, ইটাখোলা-বালিজুৰিৰ ব্যৱসায়ী সকলৰ স্বাস্থ্য পৰীক্ষা তথা অন্যান্য সাৱধানতাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে ৷ ইতিমধ্যে এই অঞ্চলৰ নিকতবৰ্তী বালিজুৰি, ইটাখোলা অঞ্চল সাময়িকভাৱে বন্ধ হৈ পৰিছে ৷

লগতে পঢ়ক- ধুবুৰীত এজন যুৱকক লৈ আতংকৰ সৃষ্টি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.