চতিয়া, 27 ছেপ্টেম্বৰ : অহা 7 অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ(Home minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (BJP President J P Nadda)৷ ইতিমধ্যে গুৱাহাটীত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা ৰাজ্যিক বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানলৈ চতিয়া সমষ্টিৰ বিজেপিৰ নেতা কৰ্মীসকলক আমন্ত্ৰণ জনাবলৈ মঙলবাৰে চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হয়হি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika at Sotea) ৷
জামুগুৰিহাটৰ 'কন্যকা' দুগ্ধ উৎপাদন কেন্দ্ৰৰ মুখ্য কাৰ্যালয়ত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত মন্ত্ৰী গৰাকীয়ে দলীয় কৰ্মকতা সকলৰ লগত এক আলোচনাত মিলিত হয় (Minister Pijush Hazarika invite MLA Padma Hazarika) ৷
অহা 8 অক্টোবৰত ৰাজ্যিক কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হ'ব লগা উক্ত দিনটোত চতিয়া সমষ্টিৰ পৰা পাঁচ শতাধিক দলীয় কৰ্মী উপস্থিত থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মন্ত্ৰীগৰাকীয়ে তেজপুৰৰ কেইবা ঠাইটো উপস্থিত হৈ দলীয় কৰ্মীসকলৰ লগত মিলিত হয় ৷ কেন্দ্ৰীয় নেতা দুগৰাকীৰ অসম ভ্ৰমণৰ সময়ত অনুষ্ঠিত সভা সাফল্যমণ্ডিত কৰি তোলাৰ বাবে দলীয় কৰ্মীৰে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে (Minister Pijush Hazarika)।
উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই 8 তাৰিখে এখন দলীয় সভাত অংশগ্ৰহণ কৰিব ৷ আনহাতে 9 অক্টোবৰত গৃহমন্ত্ৰীগৰাকী দেৰগাঁৱত ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ লগত মিলিত হ’ব (SP conference at Dergaon)৷