ETV Bharat / state

ৰঙাপৰাত মানশিৰি নৈৰ খহনীয়াই শংকিত কৰিছে ৰাইজক - মানশিৰি নৈ

ৰঙাপৰাত মানশিৰি নৈ ব্যাপক গৰাখহনীয়া ৷ বাঁহেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ ৷ নদীত জাহ যোৱাৰ উপক্ৰম এটা মজছিদ ৷

মানশিৰি নৈৰ খহনীয়া
মানশিৰি নৈৰ খহনীয়া
author img

By

Published : Sep 14, 2020, 12:41 PM IST

ৰঙাপৰা, 14 ছেপ্তেম্বৰ: ৰঙাপৰাত মানশিৰি নৈৰ খহনীয়াই ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ৰাজপথ, ঘৰ, কৃষিভূমি সকলো জাহ যোৱাৰ পাচত সম্প্ৰতি নৈৰ বুকুত বিলিন হোৱাৰ উপক্ৰম হৈছে এটা মছজিদ ৷ চৰকাৰলৈ বাট নাচাই গুদামঘাট কছাৰী গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে নিজাববীয়াকৈ মানশিৰি নৈ খনৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে যদিও, সেইয়া পৰ্যাপ্ত নহয় ৷

ৰঙাপৰাত মানশিৰি নৈৰ খহনীয়াই শংকিত কৰিছে ৰাইজক

উল্লেখ্য যে, স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা ভুগি অহা বান-খহনীয়াৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছে যদিও আজি পৰ্যন্ত তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ পৰা সেই সমস্যাৰ সমাধান নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ স্থানীয় ৰাইজৰ অভিযোগ, বিভাগীয় কৰ্তৃপক্ষই কেৱল বাঁহ কেইডালমানেৰেহে প্ৰতি বছৰে খহনীয়া ৰোধৰ চেষ্টা কৰি আহিছে ৷ কিন্তু সেই বাঁহবোৰ ছমাহ নহওতেই জহি খহি যায় ৷

বাঢ়নি পানীয়ে বৃহত্তৰ অঞ্চলটোৰ যাতায়াতৰ পথটোও উটোৱাই নিয়াৰ পাচত এতিয়া বহু অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ ৷ আনহাতে গাঁওখনৰ একমাত্ৰ মছজিদটোৰো আধা অংশ পানীত জাহ যোৱাৰ পাচত এতিয়া মছজিদটোও দুই-এদিনৰ ভিতৰতে জাহ যোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে স্থানীয় ৰাইজে ৷ অনতিপলমে বৃহত্তৰ অঞ্চলটোৰ খহনীয়াৰ সমস্যা ৰোধ কৰিবলৈ সংবাদ মাধ্যমোগে চৰকাৰক অনুৰোধ জনালে উপায়ন্তৰ ৰাইজে ৷

লগতে পঢ়ক: চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত বিলম্ব: টীয়ক বাণিজ্য সন্থাৰ ক্ষোভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.