ETV Bharat / state

Arson in Sonai Rupai: সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত দুৰ্বৃত্তৰ অগ্নিসংযোগ

অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল মিছামাৰীস্থিত সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত অগ্নিকাণ্ড সংঘটিত হৈছে ৷ অগ্নিকাণ্ডৰ ফলত অভয়াৰণ্যখনৰ বনজ সম্পদ আৰু বন্য জীৱকূললৈ ভাবুকি নামি অহাৰ অভিযোগ উত্থাপন হৈছে (Fire break out at Sonai Rupai wildlife century) ৷

author img

By

Published : Mar 14, 2023, 8:52 PM IST

Updated : Mar 14, 2023, 9:05 PM IST

Massive fire break out at SonaI Rupai wildlife century
সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত দুৰ্বৃত্তৰ অগ্নি সংযোগ

ৰঙাপাৰা, 14 মাৰ্চ: অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত পুনৰ উত্তেজনা (Assam Arunachal border)৷ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল আৰু তিৰুহিলছ বনাঞ্চলৰ পিচতেই মঙলবাৰে অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল মিছামাৰীস্থিত সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ ঘটনা সংঘটিত হৈছে (Fire break out in Assam Arunachal border) ৷ ফলত দাও দাওকৈ জ্বলি উঠে সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ২২০ বৰ্গ কিলোমিটাৰ বনভূমিৰে আগুৰি থকা এক বিস্তৃত অঞ্চল (Fire break out at Sonai Rupai wildlife century) ৷

অভয়াৰণ্যখনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত অভয়াৰণ্যখনত থকা জীৱকূলৰ বাবে চৰম ভাবুকি কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে, ইতিমধ্যেই সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনত চোৰাং কাঠকটীয়া আৰু চোৰাং চিকাৰীয়ে দপদপনি চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ইয়াৰ মাজতে এনেদৰে দুৰ্বৃত্তই অগ্নিকাণ্ড সংঘটিত কৰাত জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ অভয়াৰণ্যখনৰ বন সম্পদ আৰু বন্য জীৱকূললৈ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন হৈছে ৷

বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি মঙলবাৰে বিয়লি প্ৰায় ২ বজাত অভয়াৰণ্যখনৰ কালামাটি বনাঞ্চলিক কাৰ্যালয়ৰ পৰা কিছু দূৰত্ব কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাত দাও দাওকৈ জ্বলি উঠে । জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত বনাঞ্চলখনৰ বহুতো মূল্যবান গছ-গছনি জাহ গৈছে ৷ এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱাৰ পিচতে বনকৰ্মীসকলে তৎপৰতাৰে জুই নিৰ্বাপন কৰাৰ চেষ্টা কৰে ৷ অৱশেষত ৰঙাপৰাৰ পৰা অহা এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে অভয়াৰণ্যখনত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

এই ঘটনাৰ পিচতে ঘটনাস্থলীত মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা উপস্থিত হৈ ঘটনাৰ বুজ লয় । কোনে কি উদ্দেশ্যৰে অভয়াৰণ্যখনত অগ্নিসংযোগ কৰিলে তাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ এই সন্দৰ্ভত বন বিভাগ আৰু মিছামাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি বনাঞ্চলিক বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

ইফালে যোৰহাট জিলাৰ মৰিয়নিৰ নাগিনীজান চাহ বাগিচাৰ ১৮ নম্বৰ ছেকচনৰ কাষতে লাগি থকা তিৰুহিলছ বনাঞ্চলত নগা দুৰ্বৃত্তই ব্যাপক বনধ্বংস চলোৱাৰ (Naga miscreants deforestation in Tiruhils forest) খবৰ পোহৰলৈ আহিছে । তিৰুহিলছ বনাঞ্চলৰ বহু মূল্যৱান গছ কাটি অসমৰ ভূমিত দপদপনি চলাইছে নগা দুৰ্বৃত্তই (encroachment of Naga miscreants) ।

লগতে পঢ়ক: Naga encroachment: পুনৰ অসমৰ ভূমিত আগ্ৰাসী ৰূপত নগা

Last Updated : Mar 14, 2023, 9:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.