ETV Bharat / state

Erosion in Tezpur: জীয়াভৰলীৰ ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ - Erosion of Jiabharali in Tezpur

জীয়াভৰলী নৈৰ ভয়াৱহ গৰাখহনীয়া অব্য়াহত (Erosion of Jiabharali)। খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰলৈ অপেক্ষা নকৰি আগবাঢ়ি আহিল ৰাইজ। বাঁহেৰেই খহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ ।

Erosion of Jiabharali in Tezpur
জীয়াভৰলী নৈৰ ভয়াৱহ গৰাখহনীয়া
author img

By

Published : Mar 28, 2023, 7:30 PM IST

জীয়াভৰলী নৈৰ ভয়াৱহ গৰাখহনীয়া

তেজপুৰ, ২৮ মাৰ্চ: খহনীয়া তেজপুৰবাসীৰ বাবে নতুন কথা নহয় । প্ৰত্যেক বছৰেই বান আৰু গৰাখহনীয়াই ৰাজ্যখনৰ আন জিলাৰ লগতে শোণিতপুৰতো বিস্তৰ ক্ষতি সাধন কৰি অহা পৰিলক্ষিত হৈছে । বিশেষকৈ গৰাখহনীয়াই নিমিষতে বহু লোককে সৰ্বহাৰা কৰি আহিছে (Erosion devastate people in Assam)। জিলাখনত প্ৰতি বছৰেই ভয়াৱহ গৰাখহনীয়াই বিস্তৰ ক্ষতি সাধন কৰি আহিছে যদিও আজি পৰ্যন্ত এই সমস্যাৰ স্থায়ী সমাধান হোৱা নাই । সেয়েহে জীয়াভৰলী নৈৰ ভয়াৱহ গৰাখহনীয়াই নৈপৰীয়া ৰাইজক আতংকিত কৰি আহিছে । চৰকাৰ তথা সংশ্লিষ্ট বিভাগে ব্য়ৱস্থা গ্ৰহণ নকৰাত এইবাৰ জীয়াভৰলীৰ খহনীয়া ৰোধৰ বাবে স্থানীয় ৰাইজে ল'লে ব্যৱস্থা (Erosion of Jiabharali in Tezpur) ।

চ’ত মহীয়া বৰষুণৰ ফলত হোৰা হোৰে বাঢ়িছে জীয়াভৰলী নৈৰ পানী ৷ সমান্তৰালভাৱে বৃদ্ধি পাইছে নদীৰ গৰাখহনীয়া ৷ জীয়াভৰলী নৈৰ পানী বৃদ্ধি পোৱাৰ লগে লগে শোণিতপুৰ জিলাৰ গড়েচিঙা বিহিয়া গাঁও, ননকে আদি অঞ্চলৰ নৈপৰীয়া ৰাইজ আতংকিত হৈছে । এতিয়া এই ভয়াৱহ বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে নিজেই বাঁহ, ৰচী ক্ৰয় কৰি এইদৰেই জীয়াভৰলীৰ খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে ৷ এইবেলি এইসকল নৈপৰীয়া ৰাইজেই নহয় তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিব এই জীয়াভৰলীৰ বানে ৷ পূৰ্বতে বহুবাৰ জীয়াভৰলীৰ পানীয়ে তেজপুৰ চহৰৰলৈ ভাবুকিৰ সৃষ্টি কৰিছে ।

জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে এই জীয়াভৰলী নৈৰ গৰাখহনীয়া । বৰ্তমানলৈকে ৰাজ্য চৰকাৰে কোটি কোটি টকা জীয়াভৰলীৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৱন্টন দিছে ৷ বান নিয়ন্ত্ৰণ তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই জীয়াভৰলীৰ খহনীয়া পৰিদৰ্শন কৰি জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে যদিও কুম্ভকৰ্ণ নিদ্ৰাত এই বিভাগ (Minister Pijush Hazarika inspects erosion in Jiabharali) ৷

বিভাগৰ অভিযন্তা, ঠিকাদাৰে খহনীয়া প্ৰতিৰোধৰ নামত একোৱেই নকৰিলে ৷ ফলত খহনীয়া প্ৰতিৰোধ কৰিবলৈ চেষ্টা চলালে গড়েছিঙা বিহিয়া গাঁৱৰ ৰাইজে ৷ ইতিমধ্যে নৈপৰীয়া অঞ্চলটোৰ ১২ খন ৰাজহ গাঁও বিগত ১০ বছৰত জীয়াভৰলীৰ বুকুত জাহ গৈছে ৷ এইসকল ৰাইজে বহুবাৰ বিভাগৰ বৰমূৰীয়াক অনুৰোধ জনালে ৷ কিন্ত কামত একো নহ'ল ৷ অট্টালিকাত বহি বহিয়েই সময় কটাইছে জলসম্পদৰ অভিযন্তা, বিষয়াসকলে ৷ সেয়ে এইবাৰ ৰাইজ নিজেই নামিছে খহনীয়া ৰোধত ৷

লগতে পঢ়ক: Rice mill inauguration : মাকুমত উচ্চ ক্ষমতা সম্পন্ন ধান মিল উদ্বোধন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.