ETV Bharat / state

ৰঙাপৰাত আদিবাসী বিশাল গণ সমাৱেশ

author img

By

Published : Mar 22, 2021, 7:50 AM IST

দেওবাৰে ৰঙাপৰাত অনুষ্ঠিত হয় আদিবাসী বিশাল গণ সমাৱেশ ৷ এই গণ সমাৱেশ স্থলীৰ পৰাই আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগে আছাই দহ বছৰৰ পিছত ৰাজনৈতিক দলৰ জন্ম দিব আৰু কিংমেকাৰ হ’ব বুলি মন্তব্য কৰিছে ৷

ৰঙাপৰাত আদিবাসী বিশাল গণ সমাৱেশ
ৰঙাপৰাত আদিবাসী বিশাল গণ সমাৱেশ

ৰঙাপৰা, 22 মাৰ্চ: দেওবাৰে শোণিতপুৰৰ ৰঙাপৰাত অনুষ্ঠিত হয় আদিবাসী বিশাল গণ সমাৱেশ । ৰঙাপৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰঙাপৰা সমূহ আদিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত গণ সমাৱেশত জনজাতিকৰণ, মাটি পট্টা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা আৰু অসমৰ আদিবাসী সকলক ছেটৈলাইট স্বায়িত্বশাসিত প্ৰদান কৰাৰ দাবী তোলে । ৰঙাপৰাৰ ৰে’লৱে খেল পথাৰত অনুষ্ঠিত হোৱা এই আদিবাসী বিশাল গণ সমাৱেশত আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ উপস্থিত থাকে ।

ৰঙাপৰাত আদিবাসী বিশাল গণ সমাৱেশ

আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগে মন্তব্য কৰে যে, চাহ শ্ৰমিকৰ মৌলিক অধিকাৰৰ হকে আছাই ৰাজপথ, ৰেলপথত গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছে । এইবাৰ আছাই ৰাজনৈতিকভাৱে আন্দোলন কৰিব । আছাই দহ বছৰৰ পিছত ৰাজনৈতিক দলৰ জন্ম দিব আৰু কিংমেকাৰ হ’ব । লগতে তেওঁ কয় যে, আজিও আদিবাসী সকলক চৰকাৰে শোষণ চলাই আহিছে । বিগত পাঁচটা বছৰে আদিবাসী সকলক চৰম প্ৰতাৰণা কৰিলে । চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা আৰু জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত চৰকাৰে প্ৰতাৰণা কৰাটো অতি দুৰ্ভাগ্যজনক । আছাই আদিবাসী সকলৰ প্ৰাপ্য অধিকাৰৰ দাবীত আন্দোলন কৰি আহিছে আৰু কৰি যাব ।

ইফালে, ৰঙাপৰাৰ বিভিন্ন চাহ বাগিচাৰ পৰা অহা শ শ ৰাইজ উপস্থিত থকা গণ সমাৱেশত আছা জিন্দাবাদ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা প্ৰদান কৰক, ন' এচ টি ন' ৰেষ্ট, চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক, আদিবাসী জিন্দাবাদ, বিৰছা মুণ্ডা জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে ৰঙাপৰাৰ আকাশ-বতাহ উত্তাল কৰি তোলে ।

উল্লেখ্য যে, যি সময়ত বিজেপিয়ে চাহ জনগোষ্ঠীয় ৰাইজক নিজৰ প্ৰতি আকৰ্ষিত কৰা বুলি দাবী কৰি আহিছে, তেনে সময়তে দেওবাৰে ৰঙাপৰাত অনুষ্ঠিত হোৱা গণ সমাৱেশত চাহ জনগোষ্ঠীৰ নেতাজনে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীক জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক: অখিল গগৈৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন, সপোন হৈয়ে ৰৱ:শিবু মিশ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.