ETV Bharat / state

ৰঙাপৰাত আবকাৰী বিভাগৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Apr 23, 2021, 2:02 PM IST

ৰঙাপৰাত আবকাৰী বিভাগৰ সজাগতা । বিনামূলীয়াকৈ মাস্ক বিতৰণৰে সজাগতা সৃষ্টি বিভাগটোৰ ।

ৰঙাপৰাত আবকাৰী বিভাগৰ প্ৰশংসনীয় পদক্ষেপ
ৰঙাপৰাত আবকাৰী বিভাগৰ প্ৰশংসনীয় পদক্ষেপ

ৰঙাপৰা, ২৩ এপ্ৰিল : দেশৰ সমান্তৰালকৈ অসমতো মহামাৰী কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণ । সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাখনতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণাই । মহামাৰীৰ সংক্ৰমণৰ সময়ত শোণিতপুৰ জিলাৰ ৰঙাপৰাত আবকাৰী বিভাগৰ প্ৰশংসনীয় পদক্ষেপ । অঞ্চলটোত ক'ভিড -১৯ৰ সংক্ৰমন যাতে বৃদ্ধি নহয় তাৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যেৰে ৰঙাপৰা আবকাৰী বিভাগে গ্ৰহণ কৰিলে এক ব্যতিক্ৰম পদক্ষেপ ।

ৰঙাপৰা আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত চৌধুৰীৰ নেতৃত্বত আছু, যুৱ-ছাত্ৰ পৰিষদ আৰু সাংবাদিকসকলে মাস্ক পৰিধান নকৰা ব্যক্তিসকলৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰি মহামাৰী কৰ'ণাৰ প্ৰতি ল'বলগীয়া সাৱধানতা ৰাইজক সজাগ কৰাৰ প্ৰয়াস চলায় । তেওঁলোকৰ এই পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে ।

লগতে পঢ়ক: পৰম্পৰাগতভাৱে মৰাণসকলে উদযাপন পন কৰিলে ৰাতি বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.