তেজপুৰ, ২৫ নৱেম্বৰ : অসমৰ দৰে অৰুণাচল প্ৰদেশ চৰকাৰেও লৈছে এক বৃহৎ পদক্ষেপ । সমগ্ৰ ৰাজ্যখন ড্ৰাগছ আৰু নিচাযুক্ত পদাৰ্থ মুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে অৰুণাচল চৰকাৰে । ৰাজ্যখনৰ প্ৰতিটো বিভাগৰ লোকক এই বিষয়ে মুকলিকৈ এনে দ্ৰব্য সেৱন কৰাৰ তথ্য সদৰী কৰিবলৈ আহ্বান জনোৱা হৈছিল । এই আহ্বানৰ পাছতে এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।
অৰুণাচলৰ প্ৰায়বোৰ চৰকাৰী কৰ্মচাৰীয়ে ড্ৰাগছ আসক্ত (Most employees in Arunachal are drug addicts)। প্ৰথম পৰ্যায়তে ৰাজধানী চহৰখনত মুঠ ২২৫ গৰাকী লোকে ড্ৰাগছ জাতীয় দ্ৰব্য সেৱন কৰাৰ কথা প্ৰকাশ কৰিছে । ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী আল' লিবাঙে বৃহস্পতিবাৰে ইটিভি ভাৰতৰ লগত হোৱা এক টেলিফোনিক বার্তালাপত কয় যে চৰকাৰ আৰু স্বাস্থ্য বিভাগে সমগ্ৰ ৰাজ্যখন নিচামুক্ত কৰাৰ মানসৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাজ্য চৰকাৰে শেহতীয়াকৈ এক জাননীযোগে সকলো কৰ্মচাৰীক তেওঁলোকৰ আসক্তিৰ প্ৰতিবেদন দিয়াটো বাধ্যতামূলক কৰিছিল ।
উল্লেখ্য যে, ৰাজ্যৰ মুখ্য সচিব নৰেশ কুমাৰে বুধবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক আসক্ত চৰকাৰী কৰ্মচাৰীসকলক তৎকালীনভাৱে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই বিষয়ে স্পষ্ট কৰাৰ বাবে এক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে নিচাজাতীয় দ্ৰব্য বিৰোধী বিভাগক নিচাজাতীয় ঔষধৰ যোগানৰ উৎখাত আক্ৰমণাত্মকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু ড্ৰাগছ সৰবৰাহকাৰীসকলক আটক কৰাৰ নিৰ্দেশ দিছিল । তেওঁ লগতে পৰামৰ্শ দিছিল যে আসক্তসকলক তেওঁলোকৰ আসক্তিৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি তিনিটা শ্ৰেণীত ভাগ কৰা হ'ব ।
প্ৰথম দিনটোতে ৰাজধানী চহৰ খনৰ ২২৫ গৰাকী লোকে এই দ্ৰব্য সেৱন কৰাৰ বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰে । স্বাস্থ্যমন্ত্ৰী লিবাঙে কয় যে, সমগ্ৰ ৰাজ্যখনতে এই বিষয়ত অভিযান আৰম্ভ কৰা হৈছে আৰু জিলাসমূহটো আৰম্ভ কৰিব । আৰক্ষী, প্ৰশাসনিক আদি সকলো বিভাগতে চলোৱা হ'ব অভিযান । কোনো বিভাগ বাদ পৰিব নোৱাৰে এই অভিযানত ।
সকলোৱে নিজে তথ্য দিব লাগিব আৰু এই পদ্ধতি অৱলম্বন কৰি পৰৱৰ্তী সময়ত সৰবৰাহ কৰা চক্ৰসমূহ চিনাক্তকৰণ কৰি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে । তেওঁ উল্লেখ কৰে যে, এই মাৰাত্মক ড্ৰাগছ সৰবৰাহ বিশেষকৈ মণিপুৰ, ডিমাপুৰ আদি অঞ্চলৰ পৰা হৈ আছে আৰু ৰাজ্য চৰকাৰ এতিয়া এইক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে বুলিও তেওঁ মন্তব্য কৰে । মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশ এন্টি ড্ৰাগ এছ'চিয়েশ্যনে ৰাজ্যখন নিচামুক্ত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল ।
লগতে পঢ়ক :1962 Indo-China war সম্পৰ্কে কি ক'লে অৰুণাচলৰ ৰাজ্যপালে ?