ETV Bharat / state

ভূত বাংলালৈ পৰিণত মানশিৰিৰ পশু উপ-কেন্দ্ৰ

author img

By

Published : Apr 5, 2021, 10:21 AM IST

চিকিৎসক-কৰ্মচাৰীৰ অভাৱত ভূত বাংলালৈ পৰিণত হৈছে মানশিৰিস্থিত পশু চিকিৎসা উপকেন্দ্ৰটি ৷ ১৯ লাখ ৯৮ হেজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰটি বৰ্তমান আগুৰি ধৰিছে হাবি-জংঘলেৰে ৷

ভূত বাংলালৈ পৰিণত মানশিৰিৰ পশু উপ-কেন্দ্ৰ
ভূত বাংলালৈ পৰিণত মানশিৰিৰ পশু উপ-কেন্দ্ৰ

ৰঙাপৰা,5 এপ্ৰিল: ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মানশিৰিস্থিত পশু চিকিৎসা উপকেন্দ্ৰটি চিকিৎসক-কৰ্মচাৰীৰ অভাৱত এতিয়া পৰিণত হৈছে ভূত বাংলালৈ । পশু-চিকিৎসা উপকেন্দ্ৰটিত স্থায়ী চিকিৎসক-কৰ্মচাৰী নথকাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজে পশুধন চিকিৎসাৰ ক্ষেত্ৰত হাহাকাৰ কৰিবলগীয়া হোৱাৰ অভিযোগ উঠিছে । সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱা মানশিৰিস্থিত পশু চিকিৎসা উপকেন্দ্ৰটি সম্প্ৰতি হাবি-জংঘলেৰে আগুৰি ধৰিছে। বৰ্তমান কেন্দ্ৰটিৰ মুখ্য দ্বাৰত উলমি আছে এটা প্ৰকাণ্ড তলা । বাহিৰত থকা লোহাৰ সামগ্ৰীবোৰতো হাবি-জংঘলেৰে আগুৰি আছে ।

উল্লেখ্য যে, পশু চিকিৎসা উপকেন্দ্ৰটি নিৰ্মাণৰ বাবে ২০১৮ বৰ্ষত ৰাজ্য চৰকাৰে ধন আৱণ্টন দিছিল । সেই অনুসৰি ৰিডফ প্ৰজেক্টৰ অধীনত ঠিকাদাৰ অংগৰাজ হাজৰিকাই ১৯ লাখ ৯৮ হেজাৰ টকা ব্যয় সাপেক্ষে কেন্দ্ৰটি নিৰ্মাণ কৰি উলিয়াইছিল । কিন্তু তাৰ পিচতো উক্ত কেন্দ্ৰটিলৈ কোনো এজন চিকিৎসক বা কৰ্মচাৰী নহাৰ বাবেই হাবি-জংঘলেৰে আগুৰি ধৰে । কেন্দ্ৰটিৰ চাফ-চিকুণ বা ব্যৱহাৰ নকৰাৰ বাবেই আজি একাংশ সামগ্ৰী নষ্ট হোৱাৰ উপক্ৰম ঘটিছে । ইপিনে, পশু চিকিৎসা উপকেন্দ্ৰটিত চিকিৎসক-কৰ্মচাৰীসকল নথকাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ কৃষক-ৰাইজ আৰু গো পালক সকলে পশুধন চিকিৎসাৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিবলগীয়া হৈছে বুলিও উত্থাপিত হৈছে এক অভিযোগ ।

অন্য এক খবৰৰ বাবে: সৰুক্ষেত্ৰীত ব্যাপক নিৰ্বাচনী হিংসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.