ETV Bharat / state

manipur violence 2023:পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ, উগ্ৰপন্থীৰ গুলীত নিহত ছাত্ৰসহ তিনিজন

author img

By

Published : Jul 7, 2023, 10:26 PM IST

পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ ৷ শুকুৰবাৰে পুৱাৰ ভাগৰে পৰা বিষ্ণুপুৰত ভয়াবহ গুলীচালনাৰ ঘটনা ৷ সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ গুলীত নিহত ছাত্ৰসহ তিনিজন ৷

manipur violence 2023
পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ

তেজপুৰ, ৭ জুলাই :পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ । শুকুৰবাৰে পুৱাৰ ভাগৰে পৰা বিষ্ণুপুৰত ভয়াবহ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ আনহাতে মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ কোৱাকতাত কুকি উগ্ৰপন্থীয়ে হত্যা কৰিলে এজন ছাত্ৰসহ ৩ জনক । শুকুৰবাৰে বিয়লিৰ ভাগত মণিপুৰ আৰক্ষী আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ গুলিয়াগুলীৰ ঘটনা সংঘটিত হৈছে ৷ বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাই আৰু সংলগ্ন কোৱাকতা অঞ্চলত এই ঘটনা সংঘটিত হৈছে ৷ অশান্তজৰ্জৰ ৰাজ্যখনত শেহতীয়া গুলিয়াগুলীৰ ফলত এজন ছাত্ৰসহ কমেও তিনিজন নিহত হোৱাৰ খবৰ পোৱা গৈছে।

শুকুৰবাৰে নিহত তিনিজনৰ ভিতৰত মৈৰাং বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰ মায়েংবাম ৰিকি মেইটেই বুলি জানিব পৰা গৈছে ৷ ছাত্ৰ জনৰ বয়স আছিল ১৯ বছৰ আৰু তেওঁ কোৱাকটা মইৰাঙৰ তুৰেল মাপালোৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে নিহত ৰিকিক তেওঁৰ মাতৃ থকা ৰিলিফ কেম্পলৈ যোৱাৰ পথত কোৱাকটা ছিৰিকালচাৰ কমপ্লেক্সৰ সন্মুখত কুকি উগ্ৰপন্থীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত তথ্যমতে গুলীত থকাসৰকা হয় ছাত্ৰজন শৰীৰ ।

ইয়াৰ মাজতে শুকুৰবাৰে মৈৰাং বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সহপাঠীক হেৰুৱাৰ ঘটনাত নিন্দা প্ৰকাশ কৰিছে ৷ কোৱাকটা পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ তুৰেল মাপালৰ যুৱক মায়েংবাম ৰিকি মিটেইৰ হত্যাকাণ্ডক গৰিহণা দি বিদ্যালয়খৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ-ছাত্ৰীসকলে। ছাত্ৰ-ছাত্ৰীয়ে ৰিকিৰ হত্যাকাৰীক কঠোৰভাৱে গৰিহণা দিয়াৰ লগতে আৰু কয় যে " আমি যুদ্ধ নহয় শান্তি বিচাৰো ৷’’ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন শ্লোগানেৰে, প্লেকাৰ্ড লৈ ৰাজপথ কঁপাই তোলে ।

আনহাতে কুকি বিদ্ৰোহী আৰু কুকি লোকসকলৰ এক ভিডিঅ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ভিডিওটোত কুকি উগ্ৰপন্থী আৰু কুকি জনসাধাৰণৰ মাজত এক প্ৰতীকী হিচাবে মৃতকসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় চুৰাচান্দপুৰ অঞ্চলত ৷

পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ

ভাইৰেল ভিডিঅত দেখিবলৈ পোৱা গৈছে য’ত এখন পোষ্টাৰত লিখা আছে "we are ready for sacrifice our lives, If: The Centre Govt is incapable to institute peace" আৰু "Meitei Fascism is not curtailed" যাৰ অৰ্থ হৈছে "আমি আমাৰ জীৱন ত্যাগৰ বাবে সাজু, যদি: কেন্দ্ৰ চৰকাৰ শান্তি স্থাপন কৰিবলৈ অপাৰগ আৰু মেইটেই ফাচীবাদ হ্ৰাস নহয়" ৷

manipur violence 2023
পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ

লগতে পঢ়ক:Manipur Violence: মণিপুৰৰ বিষ্ণুপুৰত গুলীচালনাত 3 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.