ETV Bharat / state

N. Biren Singh press meet:মণিপুৰৰ নাৰী নিৰ্যাতন কাণ্ডৰ দোষীয়ে কঠোৰ শাস্তি পাব; মুখ্যমন্ত্ৰী এন বীৰেণ সিং

মণিপুৰৰ বীভৎস ঘটনাৰ পিচত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে এখনি সংবাদমেল সম্বোধন কৰে ৷

Manipur CM N. Biren Singh press meet
এন বীৰেণ সিঙৰ সংবাদ মেল
author img

By

Published : Jul 20, 2023, 10:11 PM IST

এন বীৰেণ সিঙৰ সংবাদ মেল

তেজপুৰ, ২০জুলাই : দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচত পুনৰ ক্ষোভৰ জুইকুৰা জ্বলিছে মনিপুৰত ৷ আঢ়ৈ মাহ পূৰ্বৰ সেই জঘন্য কাণ্ডৰ কথা পোহৰলৈ অহাৰ পিচতেই কেৱল ৰাজ্যখনতেই নহয়, সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সচিবালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে ,দুগৰাকী মহিলাৰ ওপৰত নৃশংস নিৰ্যাতন কৰা লোকৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব চৰকাৰে । মণিপুৰ চৰকাৰ তথা বিজেপি বিধায়নী দলৰ হৈ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এই ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰে ৷

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে যাতে পৰৱৰ্তী সময়ত কোনো লোকে মহিলা ,যুৱতী,মাতৃৰ ওপৰত এনে নৃশংস ঘটনা সংঘটিত নকৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব । মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰি কয় যে, উক্ত ঘটনাৰ পুংখানুপুংখ তদন্ত চলি আছে আৰু প্ৰকৃত দোষীক মৃত্যুদণ্ডৰ শাস্তি বিহাৰ সম্ভাৱনাকে ধৰি সকলো দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে টুইটাৰ যোগে মুখ্যমন্ত্ৰীয়ে কয় যে, "কালি প্ৰকাশ পোৱা শিহৰণকাৰী ভিডিঅ’টোত দেখা গভীৰভাৱে অসন্মানজনক আৰু অমানৱীয় কাৰ্যৰ বলি হোৱা মহিলা দুগৰাকীৰ প্ৰতি মোৰ সহমৰ্মিতা প্ৰকাশ কৰিছো । ভিডিঅ’টো ওলোৱাৰ লগে লগে ঘটনাটোৰ বিষয়ে ছুও-মোটো গোচৰ লোৱাৰ পিচত মণিপুৰ আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰি আজি পুৱা প্ৰথমজন লোকক গ্ৰেপ্তাৰ কৰে"।

উল্লেখ্য যে, বিগত ৪ মে’ত মণিপুৰৰ এদল নিকৃষ্ট মানসিকতাৰ অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচত মণিপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এজন লোকক গ্ৰেপ্তাৰ কৰে ৷

ভিডিঅ’ ভাইৰেল হোৱাৰ পিচতেই তোলপাৰ লাগে সমগ্ৰ দেশত ৷ বিজেপি চৰকাৰখনক সমালোচনাৰে থকা-সৰকা কৰে সকলোৱে ৷ টুইটাৰত প্ৰধানমন্ত্ৰীক পদত্যাগৰ দাবী জনাই বিভিন্ন দল-সংগঠনে ৷ শেহতীয়াকৈ মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে উক্ত ঘটনা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি দোষীয়ে উচিত শাস্তি পাব বুলি আশ্বাস দিয়ে সকলোকে ৷

লগতে পঢ়ক : Kuki Women Raped: দুই মহিলাক উলংগ কৰি সমদল কৰা ভিডিঅ’ টুইটাৰ ইণ্ডিয়াক আঁতৰোৱাৰ নিৰ্দেশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.