তেজপুৰ, ২৪ আগষ্ট: ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant Conflict)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনেই বন্যহস্তীৰ উপদ্ৰৱৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ তেজপুৰত সংঘটিত হৈছে অনুৰূপ ঘটনা (Man Elephant conflict in Tezpur)৷ তেজপুৰৰ হলেশ্বৰ অঞ্চলত বৰপুখুৰী পাৰৰ এখন পামত বন্যহস্তীৰ মুক্ত বিচৰণে ওৰে নিশা আতংকৰ সৃষ্টি কৰিছে ৷
হলেশ্বৰৰ যুৱ কৃষক তপন দাসৰ পামখনত শুকুৰবাৰে নিশা প্ৰায় ১২.৩০ বজাত চাৰিটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি পামখনৰ গেটৰ লগতে সৌৰ প্লেটখনৰ ক্ষতি সাধন কৰে (Elephant menace in a farm) ৷ ইয়াৰ পাছতে পামখনত থকা ধানৰ লগতে আপেল বগৰী আৰু অমিতা খেতি সম্পূৰ্ণৰূপে তহিলং কৰে ৷ ইমানতো ক্ষান্ত নাথাকি বন্যহস্তীৰ জাকটোৱে পামখনৰ ৰখীয়া পৰিয়ালটোক আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷
হাতীৰ জাকটোৱে পামখনৰ ৰখীয়া থকা বাসগৃহটো ভাঙি চূড়মাৰ কৰে ৷ সেই সময়ত ঘৰটোৰ ভিতৰত থকা পৰিয়ালটোৱে আঢ়ৈ বছৰীয়া সন্তানটোৰে স’তে কোনোমতে পলায়ন কৰিবলৈ সক্ষম হোৱাত তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে ৷
লগতে পঢ়ক: Elephant menace in Dergaon: গোলাঘাটৰ আঁহতগুৰিত বন্যহস্তীৰ সন্ত্ৰাস
উল্লেখযোগ্য যে, ইয়াৰ পাছতে সমগ্ৰ অঞ্চলটোৰ ৰাইজ আতংকিত হৈ হুলস্থুল কৰে যদিও হাতী চাৰিটাই পামৰ পুখুৰীত নামি পুৱা প্ৰায় ৪.৩০ বজাতহে তাৰ পৰা আঁতৰি যায় ৷ পামখনৰ গৰাকী তপন দাসে কয় যে, পূৰ্বেও তেওঁৰ পামত বনৰীয়া হাতীয়ে ক্ষতি কৰিছিল যদিও বনবিভাগে পুঁজিৰ অভাৱ বুলি কৈ তেওঁক কোনোধৰণৰ ক্ষতিপূৰণ দিয়া নাছিল ৷
ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰতিদিনে লোক আহত হোৱাৰ লগতে মৃত্যুক আঁকোৱালি লোৱাৰ খবৰ আজিকালি সাধাৰণ হৈ পৰিছে (People dead of elephant attack) ৷ আনকি হাতী-মানুহৰ সংঘাতৰ পৰিণতিত হাতীৰ ক্ষতিসাধন হোৱাৰ খবৰো নুই কৰিব নোৱাৰি ৷
মন কৰিবলগীয়া যে ৰাজ্যৰ গোলাঘাট, নগাঁও, গোৱালপাৰা, হোজাই, শোণিতপুৰ, ডিব্ৰুগড় আদি কেইবাখনো জিলাত বহন্যহস্তীৰ তাণ্ডৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে দিন দুপৰতে মানুহৰ জনবসতি থকা অঞ্চলত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে খাদ্য সামগ্ৰীও বিচাৰি চলাথ কৰি অনিষ্ট সাধন কৰিছে ৷
গোলাঘাট আৰু গোৱালপাৰা জিলাত এই সংঘাত দীৰ্ঘদিনৰে পৰা চলি থকা পৰিলক্ষিত হৈছে ৷ মাত্ৰ কেইদিনমান পূৰ্বে গোৱালপাৰাত দিন দুপৰতে বনৰীয়া হাতীৰ আক্ৰমণত এটি শিশুসহ তিনিগৰাকী লোকে প্ৰাণ হেৰুৱাই ৷ গোলাঘাট জিলাতো বন্য়হস্তীৰ তাণ্ডৱৰ বাবে কৃষকে পথাৰৰ ধান পথৰাতে এৰিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক: Wild Elephant at Sonapur: ঘৰৰ চোতালত বন্যহস্তীৰ দপদপনি