ETV Bharat / state

চূড়ান্ত পৰ্যায়ত হাতী-মানুহৰ সংঘাত

author img

By

Published : Nov 29, 2020, 1:51 PM IST

বনৰীয়া হাতীৰ আক্ৰমণ অব্যাহত আছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ শেহতীয়াকৈ নগাঁৱৰ কঠিয়াতলীৰ উপৰিও শোণিতপুৰৰ ৰঙাপৰাত হাতীয়ে তাণ্ডৱ কৰাৰ কথা জানিব পৰা গৈছে ৷ হাতীৰ আক্ৰমণৰ ফলত ৰঙাপৰাত প্ৰাণ হেৰুৱাইছে এগৰাকী ব্যক্তিয়ে ৷

চূড়ান্ত পৰ্যায়ত হাতী-মানুহৰ সংঘাত
চূড়ান্ত পৰ্যায়ত হাতী-মানুহৰ সংঘাত

বঢ়মপুৰ/ৰঙাপৰা,29 নৱেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ ৷ জীৱশ্ৰেষ্ঠৰ আক্ৰমণৰ বলি হোৱা বনৰীয়া হাতীয়ে ভিন্ন সময়ত প্ৰাণ কাঢ়িছে মানুহৰ ৷ নগাঁৱৰ কঠীয়াতলিত বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহি ক্ষতিসাধন কৰিছে ৰাইজৰ ৷ হাতীৰ জাকে কঠিয়াতলীৰ আহুতলী আৰু তেৰ নম্বৰত তাণ্ডৱ সৃষ্টি কৰিছে ৷ এই উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ পকা ধানৰ সলনি কেঁচা ধানকে কাটিবলগা হৈছে কৃষকে ৷ নিশা হাতী খেদিবলৈ পথাৰৰ মাজত সম্প্ৰতি চাংঘৰ সাজি পহৰা দিব লগা হৈছে গাঁৱবাসীয়ে ৷ ইফালে বিষয় সন্দৰ্ভত কঠীয়াতলী আঞ্চলিক বন বিভাগক ৰাইজে অৱগত কৰাৰ পিছতো চকু মুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে ৷

চূড়ান্ত পৰ্যায়ত হাতী-মানুহৰ সংঘাত

ইফালে, ৰঙাপৰাৰ নিউ আদাবাৰী চাহ বাগিচাত সংঘটিত হৈছে এক অঘটন ৷ বৰ্তমান অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে ৰাইজৰ ৷ বনৰীয়া হাতীৰ আক্ৰমণত শেহতীয়াকৈ এগৰাকী শ্ৰমিকে মৃত্যুক সাৱটি লৈছে ৷ জানিব পৰা মতে, আমাৰাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ নিউ আদাবাৰী চাহ বাগিচাৰ ১ নং শ্ৰমিক লাইনৰ নিবাসী জহান মুণ্ডা আৰু একে লাইনৰে বাসিন্দা পাতৰাছ তপ্নই ৰঙাপৰা নগাপথাৰ গাঁৱৰ পৰা নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত বনৰীয়া হাতীৰ সৈতে মুখামুখি হয় ৷ হাতীটোক প্ৰত্যক্ষ কৰি দুয়োগৰাকী ব্যক্তিয়ে পলাবলৈ চেষ্টা কৰিছিল যদিও বনৰীয়া হাতীটোৱে জহান মুণ্ডাক খেদি আহি আক্ৰমণ কৰে ৷ ইপিনে বনৰীয়া হাতীটোৰ সন্মুখৰ পৰা পাতৰাছ তপ্নই কোনোমতে পলাবলৈ সক্ষম হয় ৷

ৰঙাপৰাত প্ৰাণ হেৰুৱালে এজনে

লগতে চাওকঃ হিমন্ত য’ত থাকে গণ্ডগোল হ’বই : হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.