ETV Bharat / state

মধ্যাহ্ন ভোজনৰ বাবে মজুত চাউল ভক্ষণ বন্যহস্তীৰ - #parimal suklabadya

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পকী বেৰ ভাঙিলে বনৰীয়া হাতীয়ে ৷ আনকি বন্যহস্তীয়ে ভক্ষণ কৰিলে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ চাউল ৷

man elephant conflict
হাতী-মানুহৰ সংঘাত
author img

By

Published : Aug 24, 2021, 9:34 AM IST

ৰঙাপৰা, 24 আগষ্ট : ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাতো অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস ৷ বন্যহস্তীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়াত পৰিছে ৰঙাপৰাবাসী ৷

বনৰীয়া হাতীৰ ত্ৰাস

শনিবাৰে নিশা খাদ্যৰ সন্ধানত ৰঙাপৰাত বনৰীয়া হাতীৰ এটা জাক বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে ৷ খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে সাধাৰণ লোকৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে ৷ ইয়াৰ সমান্তৰালভাৱে ১৯৫৮ চনত স্থাপিত হোৱা ধেন্দাই চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ দুখনকৈ পকীবেৰ ভাঙি পেলাই হাতীৰ জাকটোৱে ৷ লগতে বিদ্যালয়ৰ মধ্যহ্ন ভোজনৰ বাবে মজুত কৰি ৰখা চাউল খাই সেই স্থানৰ পৰা আঁতৰি যায় হাতীৰ জাকটো ৷

লগতে পঢ়ক: পাহাৰৰ দাঁতি কাষৰীয়া তপতজুৰিত প্ৰতিদিনে বাঢ়িছে বন্যহস্তীৰ উপদ্ৰৱ

কেৱল বিদ্যালয়ৰ বেৰ ভঙাই নহয়, হাতীৰ জাকটোৱে ষ্টাফ লাইনৰ উমা শংকৰ শ্বাহ আৰু সঞ্জিত কান্দুলনাৰ বাসগৃহৰ বাৰান্দা ভাঙি পেলায় ৷ বিগত কিছুদিনৰ পৰা বনৰীয়া হাতীয়ে জাকে জাকে আহি ধেন্দাই চাহ বাগিচা অঞ্চলত উপদ্ৰৱ চলাই আছে ৷ এই সন্দৰ্ভত বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱা স্বত্বেও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ ৰাইজে ৷

হাতীৰ উপদ্ৰৱত এতিয়া প্ৰায় নিৰাপত্তাহীন জীৱন-যাপন কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে । চৰকাৰে অঞ্চলটোৰ হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক: বন্যহস্তীৰ উপদ্ৰৱে নিদ্ৰা হৰিছে চামগুৰিবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.