ETV Bharat / state

Man commits suicide: ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰীনিৱাসত কৰ্মৰত ৰান্ধনীৰ আত্মহত্যা - Man commits suicide in Tezpur

ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰীনিৱাসত কৰ্মৰত এগৰাকী ৰান্ধনীৰ আত্মহত্যা ৷ আত্মহত্যা কৰা ব্যক্তিজনৰ নাম সোনটি কলিতা বুলি জানিব পৰা গৈছে ৷

Man commits suicide
ছাত্ৰীনিৱাসত কৰ্মৰত ৰান্ধনীৰ আত্মহত্যা
author img

By

Published : Jun 16, 2023, 10:23 PM IST

তেজপুৰ, 16 জুন: শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰীনিৱাসত কৰ্মৰত এগৰাকী ৰান্ধনীৰ আত্মহত্যা ৷ আত্মহত্যা কৰা ব্যক্তিজনৰ নাম সোনটি কলিতা বুলি জানিব পৰা গৈছে ৷ শুকুৰবাৰে নিজ গৃহতে ব্যক্তিজনে আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

উল্লেখযোগ্য যে বৃহস্পতিবাৰে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসত কৰ্মৰত ৰান্ধনী সোনটি কলিতাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসৰ অধীক্ষকৰ গা ধুই থকাৰ দৃশ্য গোপনে ভিডিঅ’ কৰাৰ অপচেষ্টা কৰি হাতেলোটে ধৰা পৰাত মহাবিদ্যালয় কৰ্তৃপক্ষৰ গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে ৰান্ধনী সোণটি কলিতাক গ্ৰেপ্তাৰ কৰি তেজপুৰ ন্যায়িক দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰা হৈছিল ৷

আজি অৰ্থাৎ শুক্ৰবাৰে জামিনত মুক্তি লাভ কৰি ঘৰ অহাৰ পিছত নিজ গৃহতে আত্মহত্যা কৰে ৰান্ধনী গৰাকীয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত 11 জুন তাৰিখে সংঘটিত হৈছিল এক উদ্বেগজনক ঘটনা ৷ ছাত্ৰী নিৱাসত কৰ্মৰত ৰান্ধনী সোনটি কলিতাই ছাত্ৰী নিৱাসৰ এগৰাকী মহিলা অধীক্ষকৰ গা ধুই থকাৰ দৃশ্য গোপনে ভিডিঅ’ কৰাৰ অপচেষ্টা কৰি ধৰা পৰিছিল ৷ ইয়াৰ পিছতে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ কোষ আৰু যৌন নিৰ্যাতন অভিযোগ প্ৰশমন কোষৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষকে ধৰি শিক্ষক গোটৰ প্ৰতিনিধিসকলৰ সিদ্ধান্ত মৰ্মে অভিযুক্ত ৰান্ধনীজনক আৰক্ষীক গতাই দিয়া হৈছিল ৷ ঢেকিয়াজুলি আৰক্ষীয়ে ৰান্ধনীগৰাকীক আটক কৰি থানালৈ লৈ অহাৰ পিছত আৰক্ষী থানাৰ পৰাই অভিযুক্ত ৰান্ধনীগৰাকীক জামিনৰ ধাৰাত থানাৰ পৰাই জামিন প্ৰদান কৰা হৈছিল ৷

কিন্ত বৃহস্পতিবাৰে মহাবিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ছাত্ৰীনিৱাসৰ ছাত্ৰীসকলে ৷ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শুকদেৱ অধিকাৰীৰ বিৰুদ্ধে ঘটনা গাপ দিয়াৰ অভিযোগ তুলি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ চাৰিদিনৰ মূৰত ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত অৱশেষত আৰক্ষীয়ে অভিযুক্ত ৰান্ধনী সোণটি কলিতাক গ্ৰেপ্তাৰ কৰি তেজপুৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰিছিল ৷

লগতে পঢ়ক: Road accident: ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.