ETV Bharat / state

৬৫০ কিলো তেজপুৰৰ লিচু লণ্ডনলৈ

লণ্ডনলৈ পঠিওৱা একোটা লিচু ৩৫ পৰা ৪০ টকা মূল্যত কৃষকৰ পৰা ক্ৰয় কৰা হৈছে । উল্লেখযোগ্য যে ১৯২৩-২৪ চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ পৌৰ সভাৰ প্ৰথমজন পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাই ৰোৱা গছজোপাৰ পৰা এই লিচু লণ্ডনলৈ প্ৰেৰণ কৰা হৈছে ।

author img

By

Published : Jun 11, 2022, 8:36 PM IST

৬৫০ কিলো তেজপুৰৰ লিচু লণ্ডনলৈ
৬৫০ কিলো তেজপুৰৰ লিচু লণ্ডনলৈ

তেজপুৰ, ১১ জুন: তেজপুৰৰ সুস্বাদু লিচু যাব লণ্ডনলৈ । আজি মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই তেজপুৰত ফ্লেগ অফ কৰি প্ৰেৰণ কৰে এই লিচু । তেজপুৰ বাটমাৰী সন্মিলন কক্ষত অনুষ্ঠিত হোৱা আজিৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ ফ্লেগ অফ কৰে । সোমবাৰে গুৱাহাটীৰ পৰা দিল্লী, দিল্লীৰ পৰা লণ্ডনলৈ পঠিওৱা হব চাহি আৰু তেজপুৰৰ লিচু । মুঠ ৬৫০ কিলোগ্ৰাম লিচু আজি লণ্ডনলৈ পঠিওৱা হয় (650 kg litchi exported to London from Tezpur)। লণ্ডনলৈ পঠিওৱা একোটা লিচু ৩৫ পৰা ৪০ টকা মূল্যত কৃষকৰ পৰা ক্ৰয় কৰা হৈছে ।

৬৫০ কিলো তেজপুৰৰ লিচু লণ্ডনলৈ
৬৫০ কিলো তেজপুৰৰ লিচু লণ্ডনলৈ

উল্লেখযোগ্য যে ১৯২৩-২৪ চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ পৌৰ সভাৰ প্ৰথমজন পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাই ৰোৱা গছজোপাৰ পৰা এই লিচু লণ্ডনলৈ প্ৰেৰণ কৰা হৈছে । অগ্নিগড় ফাৰ্মাৰ এছ'চিয়েছন আৰু জিলা কৃষি বিভাগৰ সহায়ত লণ্ডনলৈ এই লিচুখিনি পঠিওৱাৰ ব্যৱস্থা কৰিছে Kiega Exims Private Limited য়ে । তেজপুৰৰ লিচুৱে ইতিমধ্যে GI TAG লাভ কৰিছে ইয়াৰ সোৱাদ আৰু গুণগত মানৰ বাবে ।

৬৫০ কিলো তেজপুৰৰ লিচু লণ্ডনলৈ
৬৫০ কিলো তেজপুৰৰ লিচু লণ্ডনলৈ

Kiega Exims Private Limited ৰ সঞ্চালক কৌশিক বৰুৱাই কয় যে লণ্ডনৰ New Spitalfield Market লৈ এই লিচু ৰপ্তানি কৰা হৈছে । তেওঁ কয় যে স্থানীয় কৃষকৰ পৰা প্ৰতিটো লিচু 34-40 টকাত কিনা হৈছে যিটো লিচুৰ গুটি নাই আৰু স্থানীয় সৰু প্ৰজাতিৰ লিচু 2.50 টকাকৈ কিনা হৈছে আৰু লণ্ডনত ইয়াক ক্ৰমে 850 টকা আৰু 350 টকা প্ৰতি কিলো দৰত বিক্ৰী কৰা হ'ব । তেজপুৰৰ লিচুৰ পাঁচটা বিভিন্ন প্ৰজাতিৰ আছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটো কৃষি বিভাগ আৰু নাৱাৰ্ডে আগবঢ়াই নিয়াত সহায় কৰিছে । উল্লেখ্য যে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই (Tezpur MLA Prithbiraj Rabha) আজি কেবিনেটত অংশগ্ৰহণ কৰা প্ৰতিজন মন্ত্ৰীকে তেজপুৰ লিচুৰ একোটা টোপোলা উপহাৰ স্বৰূপে আগবঢ়ায় ৷

লগতে পঢ়ক: Cabinet meeting in Tezpur: কি কি সিদ্ধান্ত ল'লে ৫০ সংখ্যক কেবিনেট বৈঠকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.