ETV Bharat / state

পশ্চিম অৰুণাচল প্ৰদেশত ভয়াৱহ ভূমিস্খলন

author img

By

Published : May 21, 2022, 6:01 PM IST

পশ্চিম অৰুণাচল প্ৰদেশত ভয়াৱহ ভূমিস্খলন (Landslides triggered by heavy rainfall in Arunachal Pradesh ) । ব্যাহত হৈ পৰিছে জনজীৱন ৷ বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথসমূহো ৷ ফলত পথৰ দাঁতিতে সময় কটাইছে যাত্ৰীসকলে ৷

landslides-triggered-by-heavy-rainfall-in-arunachal-pradesh
পশ্চিম অৰুণাচল প্ৰদেশত প্ৰচণ্ড ভূমিস্খলন

তেজপুৰ, 21 মে’: পশ্চিম অৰুণাচল প্ৰদেশত প্ৰচণ্ড ভূমিস্খলন (Landslides triggered by heavy rainfall in Arunachal Pradesh ) । বিগত কেইবাদিনো ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ জনজীৱন ব্যাহত হৈ পৰিছে ৷ লগতে বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথসমূহো ।

অৰুণাচল প্ৰদেশৰো বিভিন্ন স্থানত হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন হোৱাৰ লগতে পাহাৰৰ পৰা বৃহৎ বৃহৎ শিল বাগৰি অহাৰ ফলত যাত্ৰীবাহী বাহন দুর্ঘটনাগ্ৰস্ত হোৱাও পৰিলক্ষিত হৈছে । পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুং-টাৱাং সংযোগী পথত কেইবাস্থানতো ভূমিস্খলন হোৱাৰ ফলত যাত্ৰীসকলে বহু সময় ধৰি পথৰ দাঁতিতে সময় কটাবলগীয়া হৈছে।

কামেং জিলাৰ জিৰ’ পইণ্ট, চেঁচা অঞ্চলত অত্যাধিক বৰষুণৰ বাবে চেঁচা ঋৰ্ণাৰ কাষতে এখন যাত্ৰীবাহী বাহন কথমপি ৰক্ষা পৰে যদিও বাহনখন দ' পাহাৰৰ দাঁতিত ওলমি ৰয় ৷ পৰৱৰ্তী সময়ত অৱশ্যে যাত্ৰীসকলক নিৰাপদে উদ্ধাৰ কৰা হয় ।

আনহাতে, ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ ভিতৰুৱা সংযোগী পথ সমূহত বাঢ়নী পানীয়ে যাতায়াতৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়া সঞ্জয় নেলী শ্ব’ই জনোৱা তথ্য মতে, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত 21মে'লৈকে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসম আৰু কেৰালাৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.