ETV Bharat / state

শোণিতপুৰত পুনৰ ভেকচিনৰ নাটনি

author img

By

Published : Jul 5, 2021, 1:39 PM IST

Updated : Jul 5, 2021, 8:06 PM IST

শোণিতপুৰ জিলাৰ ভেকচিন কেন্দ্ৰত ক’ভিচিল্ড (COVISHEILD) ৰ দ্বিতীয় পালি গ্ৰহণৰ পৰা বঞ্চিত হৈ আছে লোকসকল ৷ প্ৰথম পালি প্ৰতিষেধকো ল’বলৈ পোৱা নাই বহু লোকে । কোনোৱে যদি প্ৰথম পালি প্ৰতিষেধক লাভ কৰিছে, তেন্তে তিনিমাহৰ পিচতো দ্বিতীয় পালি গ্ৰহণ কৰিব পৰা নাই । ভেকচিন কেন্দ্ৰত গৈ বাৰে বাৰে বিমুখ হৈ উভতি যাবলগীয়া হৈছে শোণিতপুৰ জিলাবাসী ।

শোণিতপুৰত পুনৰ ভেকচিনৰ নাটনি
শোণিতপুৰত পুনৰ ভেকচিনৰ নাটনি

তেজপুৰ, 5 জুলাই : ৰাজ্যত যিমানে বৃদ্ধি পাইছে মহামাৰী ক'ভিড ভয়াৱহতা, সিমানে ক’ভিড প্ৰতিষেধক ল’বলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত ৰাইজে হেতা-ওপৰা কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যত পুনৰ নাটনি হৈছে ক’ভিড ভেকচিনৰ । চৰকাৰে যিমানেই ভেকচিন ক্ৰয় কৰিছে, সিমানেই অভাৱ হৈ পৰিছে ভেকচিনৰ ৷ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰতো ভেকচিনৰ নাটনি হোৱা পৰিলক্ষিত হৈছে ।

শোণিতপুৰত পুনৰ ভেকচিনৰ নাটনি
শোণিতপুৰত পুনৰ ভেকচিনৰ নাটনি

শোণিতপুৰ জিলাৰ ভেকচিন কেন্দ্ৰত ক’ভিচিল্ড (Covisheild) ৰ দ্বিতীয় পালি গ্ৰহণৰ পৰা বঞ্চিত হৈ আছে লোকসকল ৷ প্ৰথম পালি প্ৰতিষেধকো ল’বলৈ পোৱা নাই বহু লোকে । কোনোৱে যদি প্ৰথম পালি প্ৰতিষেধক লাভ কৰিছে, তেন্তে তিনিমাহৰ পিচতো দ্বিতীয় পালি গ্ৰহণ কৰিব পৰা নাই । ভেকচিন কেন্দ্ৰত গৈ বাৰে বাৰে বিমুখ হৈ উভতি যাবলগীয়া হৈছে শোণিতপুৰ জিলাবাসী ।

শোণিতপুৰ জিলাৰ 16 টা স্থানত মেগা ভেকচিন ড্ৰাইভ আয়োজন কৰিছে কিন্তু ভেকচিন কেন্দ্ৰত ভেকচিন লোৱা লোকৰ অভাৱ । এয়া মাত্ৰ ক’ভেক্সিনৰ (Covaxin) ৰ দ্বিতীয় পালি প্ৰতিষেধকৰ বাবেহে । জিলাখনত আজিৰ দিনত ১০ হাজাৰৰো অধিক Covaxin মজুত থকাৰ বিপৰীতে মাত্ৰ 60 টা Covishield মজুত আছে ৷

শোণিতপুৰত পুনৰ ভেকচিনৰ নাটনি
শোণিতপুৰত পুনৰ ভেকচিনৰ নাটনি

ফলস্বৰূপে প্ৰথম পালি প্ৰতিষেধকৰ পৰা বঞ্চিত হৈছে লাখ লাখ জনসাধাৰণ । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শনিবাৰে তেজপুৰত ঘোষণা কৰিছিল যে, চৰকাৰে কেন্দ্ৰৰ পৰা জুলাই মাহৰ ভিতৰত অধিক ভেকচিন লাভ কৰিব ৷ শোণিতপুৰ জিলাত আজিৰে পৰা এক সপ্তাহৰ ভিতৰতে উন্নত হ’ব ক’ভিড পৰিস্থিতি ৷ তাৰপিছতো জনসাধাৰণৰ মাজত শংকা দূৰ হোৱা নাই ।

শোণিতপুৰ জিলাত দেওবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত হৈছে 18 টাকৈ শিশু ৷ কৰ’ণাত শিশু তথা 18 বছৰৰ তলৰ কিশোৰ-কিশোৰীসকল আক্ৰান্ত হোৱাতো স্বাস্থ্য বিভাগৰ মতে কোনো নতুন কথা নহয় ৷ কৰ’ণাৰ প্ৰথম ঢৌত ৰাজ্যত শিশু আক্ৰান্ত হৈছিল আৰু দ্বিতীয় ঢৌতো আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে ৷

অৱশ্যে 2020 আৰু 2021 ত এই মাত্ৰাৰ যথেষ্ট পাৰ্থক্য আছে ৷ যোৱাতো বছৰতকৈ শোণিতপুৰত এইবাৰ কৰ’ণাৰ সংক্ৰমণ অধিক ঘটিছে ৷ ৰাজ্যজুৰি শিশু কৰ’ণাত আক্ৰান্ত হোৱাক লৈ সৰ্বসাধাৰণৰ মাজত উদ্বিগ্নতা বৃদ্ধিৰ সময়তে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি কেৱল শোণিতপুৰত 2020 চনত কৰ’ণাত আক্ৰান্ত শিশু আৰু কিশোৰ-কিশোৰীৰ সংখ্যা আছিল 645 গৰাকী ৷

শোণিতপুৰত পুনৰ ভেকচিনৰ নাটনি
শোণিতপুৰত পুনৰ ভেকচিনৰ নাটনি

ইয়াৰ বিপৰীতে জিলাখনত চলিত বৰ্ষৰ 2 জুলাই পৰ্যন্ত শিশু আৰু কিশোৰ-কিশোৰী আক্ৰান্তৰ সংখ্যা হৈছে 2,070 গৰাকী ৷ প্ৰথম ঢৌত জিলাখনত এটা শিশুৰো কৰ’ণাত মৃত্যু হোৱা নাছিল যদিও এইবাৰ এটা শিশুৰ মৃত্যু হৈছে ৷ 2020 ত শোণিতপুৰত কৰ’ণাত মুঠ 8,182 জন আক্ৰান্ত হৈ 8,157 জন সুস্থ হৈ উঠিছিল আৰু মৃত্যু হৈছিল 25 জনৰ ৷

সংক্ৰমণৰ মাত্ৰা 4.62 শতাংশ হোৱাৰ বিপৰীতে আৰোগ্যৰ হাৰ আছিল 99.69 শতাংশ ৷ ইয়াৰ বিপৰীতে 4 জুলাই লৈকে 3.57 শতাংশ গড়ে মুঠ 13,392 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ লগতে 88.88 শতাংশ গড়ে 11, 904 গৰাকী সুস্থ হৈ উঠিছে ৷

উল্লেখ্য যে, জিলাখনত এইবাৰ সম্পূৰ্ণ লক ডাউন ঘোষণা নোহোৱাৰ লগতে সান্ধ্য আইনো কঠোৰভাৱে পালন হোৱা নাই ৷ তদুপৰি কৰ’ণাত মৃত্যু হোৱা বহুসংখ্যক লোক মধুমেহ, বৃক্ক, উচ্চ ৰক্তচাপ, হাওঁফাওঁ আৰু হৃদৰোগ তথা কফত পূৰ্বৰে পৰা আক্ৰান্ত ৷ কিন্তু কৰ’ণাত শিশু আক্ৰান্ত হোৱাক লৈ চৰকাৰী আৰু বেচৰকাৰীভাৱে বিভিন্ন বিভ্ৰান্তিমূলক প্ৰচাৰৰ বিপৰীতে স্বাস্থ্য বিভাগৰ তথ্যতে স্পষ্ট হৈছে যে, বীজাণুৱে যিকোনো বয়সৰ লোকক যিকোনো সময়ত আক্ৰান্ত কৰাৰ দৰে কৰ’ণাতো শিশু তথা বয়স্ক লোক একে সময়তে আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক: কলিয়াবৰত বৃহৎ পৰিমাণৰ সুৰা জব্দ: আটক এজন

Last Updated : Jul 5, 2021, 8:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.