তেজপুৰ,13 মে’: ৰাজ্যত পুনৰ নাটনি হৈছে ক’ভিড ভেকচিনৰ । চৰকাৰে যিমানেই ভেকচিন ক্ৰয় কৰিছে, সিমানেই অভাৱ হৈ পৰিছে ভেকচিনৰ ৷ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰতো ভেকচিনৰ নাটনিৰ বাবে বিগত দুদিন ধৰি বন্ধ হৈ আছে ভেকচিন প্ৰদান কাৰ্যসূচী ।
বিশেষকৈ 18-44 বছৰৰ বয়সৰ লোকসকলক প্ৰদান কৰিবলগীয়া ক’ভেক্সিন সম্পূৰ্ণৰূপে খালী হৈ পৰা পৰিলক্ষিত হৈছে ৷ এই কথা সদৰী কৰে তেজপুৰ আঞ্চলিক ভেকচিন কেন্দ্ৰৰ প্ৰৱন্ধক জ্যোতি মেধিয়ে ৷
অৱশ্যে শোণিতপুৰ জিলাৰ লগতে বিগত 7 মে'ত ৰাজ্যৰ পাঁচখন জিলালৈ অহা ভেকচিনৰ তালিকা এনেধৰণৰ- শোণিতপুৰ জিলাৰ বাবে 8 হাজাৰ, বিশ্বনাথৰ বাবে 4 হাজাৰ, লখিমপুৰৰ বাবে 4 হাজাৰ, কাৰ্বি আংলঙৰ বাবে 2 হাজাৰ, ওদালগুৰিৰ বাবে 2 হাজাৰ আৰু গোলাঘাট জিলাৰ বাবে 4 হাজাৰ ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰা ক’ভেক্সিন আহিছিল । কিন্তু প্ৰথম অৱস্থাত তেজপুৰ চহৰত ভেকচিনৰ বাবে 11 টা কেন্দ্ৰত 2 হাজাৰ লোকৰ নাম পঞ্জীয়ন কৰা হৈছিল ।
পৰৱৰ্তী সময়ত কেন্দ্ৰসমূহ ভেকচিনৰ অভাৱৰ বাবে বন্ধ কৰিবলগীয়া হয় । আনহাতে, বৃহস্পতিবাৰৰ বাবে জিলাখনৰ অন্য ঠাইৰ লগতে বিশেষকৈ উত্তৰ জামুগুৰি স্বাস্থ্যকেন্দ্ৰৰ পৰা মুঠ 1,100 ভেকচিনৰ যোগাৰ কৰি পুনৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে যে, কেন্দ্ৰৰ পৰা 1,80,000 ক’ভিশ্বিল্ড ভেকচিন লাভ কৰাৰ পোষকতা কৰা হয় আৰু সকলোকে ভেকচিন লোৱাৰ বাবে আহ্বান জনায় । ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ ফলত ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিয়মাৱলী শোণিতপুৰ জিলাতো বলৱৎ কৰা হয় । কিন্তু জিলাখনত দেখা দিয়া ভেকচিনৰ নাটনিয়ে এতিয়া শংকিত কৰি তুলিছে শোণিতপুৰবাসীক ৷
লগতে পঢ়ক : বুধবাৰে খোৱাঙত কৰ’ণাত আক্ৰান্ত হৈ দুগৰাকীৰ মৃত্যু