ETV Bharat / state

Bimal Bora announcement on Lachit Divas : নতুন দিল্লীত অনুষ্ঠিত হ'ব লাচিত বৰফুকনৰ জন্ম জয়ন্তী

author img

By

Published : Oct 20, 2022, 3:11 PM IST

প্ৰতিবছৰে অসমৰ ভিন্ন প্ৰান্তত ২৪ নৱেম্বৰত লাচিত দিৱস পালন কৰা হয় (Lachit Divas 2022)। এইবাৰ নতুন দিল্লীতো এই দিৱস উদযাপন কৰা হ'ব । তেজপুৰত অসমৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াই এই ঘোষণা কৰে ।

Lachit Divas
নতুন দিল্লীত অনুষ্ঠিত হ'ব লাচিত বৰফুকনৰ জন্ম জয়ন্তী

তেজপুৰ, ২০ অক্টোবৰ : নতুন দিল্লীত অনুষ্ঠিত হ'ব অসমৰ মহান বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী (Lachit Divas to be held in New Delhi)। এই ঘোষণা সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াৰ । তেওঁ উল্লেখ কৰা মতে বীৰ লাচিত বৰফুকনৰ কাহিনীয়ে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে ।

যিগৰাকী বীৰৰ কাহিনীয়ে আমাক উদ্বুদ্ধ কৰি আহিছে সাহস দিছে জীৱনৰ যুদ্ধত প্ৰত্যাহ্বানসমূহৰ আগত থিয় হ'বলৈ সাহস দিছে তেনে এগৰাকী বীৰৰ প্ৰাসংগিকতা সমগ্ৰ দেশতে আছে । তাক তুলি ধৰিবলৈ অসম চৰকাৰে লাচিতৰ চাৰিশ বছৰীয়া জয়ন্তী নতুন দিল্লীত আয়োজন কৰাৰ সিদ্ধান্ত লৈছে বুলি তেওঁ উল্লেখ কৰে ।

এক ব্যক্তিগত ভ্ৰমণসূচী লৈ তেজপুৰত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ছাত্ৰ-ছাত্ৰী সকলে যাতে এই বীৰগৰাকীৰ বিষয়ে আৰু অধিক জ্ঞান আহৰণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ'ব আৰু সমগ্ৰ অসমতে প্ৰতিখন জিলাতে কেইবাটাও কাৰ্যসূচীৰে এই চাৰিশ বছৰীয়া জন্ম জয়ন্তীত পালন কৰা হ'ব (Lachit Barphukan birth anniversary)। অন্তিম পৰ্যায়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দিল্লীত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

মনকৰিবলগীয়া যে যোৱা জুন মাহত তেজপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত অসম চৰকাৰে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল (Assam Cabinet meeting in Tezpur)। আনহাতে অসমৰ চাহ উদ্যোগ সম্পৰ্কেও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী বিমল বড়াই উল্লেখ কৰা মতে প্ৰায় দুশ বছৰ সম্পূৰ্ণ হ'বলৈ হৈছে অসমৰ চাহ উদ্যোগ আৰু অসমৰ চাহে সমগ্ৰ বিশ্বৰ বজাৰতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

সেয়েহে এই দুশ বছৰীয়া বৃহৎ উদ্যোগটোক আৰু অধিক শক্তিশালী কৰিবলৈ অসম চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে । সেয়েহে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু চাহ উদ্যোগৰ লগত জড়িত ব্যক্তিসকলৰ সুবিধাৰ্থ চাহ নীতি (Assam tea policy) প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰিছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক:Pijush slams Cong and AIUDF: মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু AIUDF চৰিত্ৰহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.