ETV Bharat / state

ৰাজ্যিক বিজেপিৰ সভাপতিলৈ মুকলি প্ৰত্যাহ্বান - অসম ৰাজ্যিক বিজেপি

2021 ৰ নিৰ্বাচনত বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিব ৰাইজে- এই ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি চিত্ৰ গগৈৰ ৷ গগৈয়ে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক মুকলি প্ৰত্যাহ্বান জনাই এইদৰে প্ৰতিবাদী মন্তব্য প্ৰকাশ কৰে ৷

KMSS protest in tezpur assam etv bharat news
মানৱ শৃংখল প্ৰদৰ্শন
author img

By

Published : Sep 28, 2020, 5:02 PM IST

তেজপুৰ,28 ছেপ্তেম্বৰ: সোমবাৰে তেজপুৰৰ কেইবাটাও দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেজপুৰৰ কলা ভূমিৰ সন্মুখত সন্মিলিত হৈ কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম সাংবাদিক সন্থাই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত প্ৰদৰ্শন কৰে মানৱ শৃংখল ৷

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি চিত্ৰ গগৈয়ে শেহতীয়াকৈ অসম আৰক্ষীৰ বাছনি পৰীক্ষাত যি কেলেংকাৰী সংঘটিত হৈছে সেয়া সৰ্বানন্দ সোণোৱাল চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নিৰ্দশন বুলি কটাক্ষ কৰে । এই কেলেংকাৰীৰ মূল অভিযুক্ত আজিও মুকলি অৱস্থাত নিৰ্বিঘ্নে ঘূৰি আছে ৷ এই গোচৰৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু চিবিআই-ৰ জৰিয়তে হোৱা উচিত বুলি ব্যক্ত কৰি শীঘ্ৰে এই ঘোষণা কৰিবলৈ গগৈয়ে আহ্বান জনায় মুখ্যমন্ত্ৰীক ৷

মানৱ শৃংখল প্ৰদৰ্শন

আনহাতে, কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি বিধেয়কৰ জৰিয়তে কৃষকক যি মাধমাৰ সোধাইছে সেয়া কৃষকৰ প্ৰতি চৰম নিষ্ঠুৰতাৰ চিহ্ন বুলি উল্লেখ কৰে ৷ সম্প্ৰতি কাৰাবন্দী নেতা অখিল গগৈক চৰকাৰে কাৰাৰুদ্ধ কৰি ৰাখি একপ্ৰকাৰৰ হিটলাৰী শাসন প্ৰদৰ্শন কৰিছে বুলি গগৈয়ে সমালোচনা কৰে ৷

লগতে চাওকঃ কৃষি আইনৰ বিৰুদ্ধে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.