ETV Bharat / state

অসমৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়ত বাধ্যতামূলক অসমীয়া ভাষাঃ কেশৱ মহন্ত - শোণিতপুৰ জিলা প্ৰশাসন

শোণিতপুৰত গণৰাজ্য দিৱসৰ আয়োজন ৷ পতাকা উত্তোলন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ 6নং দফা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

Kesab Mahanta said Assamese language and Assam Accord must be applicable
অসমৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়ত বাধ্যতামুলক অসমীয়া ভাষাঃ কেশৱ মহন্ত
author img

By

Published : Jan 26, 2020, 2:50 PM IST

তেজপুৰ, 26 জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাতো উদযাপিত কৰা হয় 71 সংখ্যক গণৰাজ্য দিৱসৰ ৷ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ এই কাৰ্যসূচীত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰখন একমাত্ৰ জাতি-মাটি-ভেটি ৰক্ষাৰ চৰকাৰ বুলি উল্লেখ কৰে ৷

আনহাতে শ্বহীদ মুকুন্দ কাকতি, কনকলতা বৰুৱাকে ধৰি নিৰ্যাতিত শ্বহীদসকলক স্মৰণ কৰাৰ লগতে তেওঁলোকলৈ চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত হোৱা দেশৰ বিকাশৰ কথা উল্লেখ কৰি ৰাজ্য চৰকাৰে অসমৰ চৰকাৰী বে চৰকাৰী সকলো বিদ্যালয়ৰ দশম শ্ৰেণীলৈ অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ বাবে ইতিমধ্যে প্ৰতিশ্ৰুতিবদ্ধ হৈছে । আনহাতে 6 নং দফা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰতো পালন চৰকাৰে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি অতি শীঘ্ৰে কাৰ্যকাৰী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও উল্লেখ কৰে ।

অসমৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়ত বাধ্যতামুলক অসমীয়া ভাষাঃ কেশৱ মহন্ত

ইফালে বিগত বৰ্ষতকৈ এইবাৰ শোণিতপুৰ জিলা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসত জনসাধাৰণৰ উপস্থিতি বহু গুণ কম দেখা গৈছে । উল্লেখ্য যে বিশেষকৈ একাংশই ক’ব বিচাৰে যে ৰাজ্যত কা' বিৰোধী প্ৰতিবাদ চলি থকাও ইয়াৰ এটা কাৰণ হ’ব পাৰে । আনহাতে এই গণৰাজ্য দিৱসৰ পেৰেডত শোণিতপুৰ জিলাৰ বিভিন্ন চৰকাৰী তথা বে-চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লগতে বিভিন্ন চৰকাৰী সামৰিক বাহিনীয়ে পেৰেডত অংশগ্ৰহণ কৰে ।

আৰু পঢ়কঃগণৰাজ্য দিৱসত শদিয়া আৰক্ষীৰ তিনি কনিষ্টবললৈ বিশেষ সন্মান

Intro:NB: MINISTER ভাষণ নাকাটিব ।

তেজপুৰ,২৬ জানুৱাৰী: সমগ্র দেশৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগতো তেজপুৰৰ নেহৰু মৈদানত ৭১ তৰ্ম গণৰাজ্য দিৱস উদযাপন কৰে । গণৰাজ্য দিৱসত পতাকাৰ উত্তোলন কৰে জল স্পদ মন্ত্ৰী কেশৱ মহন্তই ।

Body:ইফালে পতাকা উত্তোলন কৰি মন্ত্ৰী গৰাকীয়ে ভাষাণ প্ৰসংগত কয় আমাৰ চৰকাৰখনেই একমাত্ৰ জাতি মাটি ৰক্ষা কৰা চৰকাৰ ।
আজি মন্ত্ৰী গৰাকীয়ে স্বাধীনতা আন্দোলনৰ
স্বহীদ মুকুন্দ কাকতি , শ্বহীদ কনকলতা বৰুৱাকে ধৰি নিৰ্যাতিত শ্বহীদ পৰিয়ালক স্মৰণৰ লগতে তেওঁলোকৰ
নাম উল্লেখ কৰি কয় আমাৰ চৰকাৰে শ্বহীদ পৰিয়াললৈ
৫ লাখ আৰু নিৰ্যাত ২ লাখ টকা আৰ্থিক সাহাৰ্য
দিয়া কথা উল্লেখ কৰে ।
আনহাতে মন্ত্ৰী মহন্তই কয় আমি পাহৰিব নহ'ব শোণিতপুৰ ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক, উষা অনিৰুদ্ধৰ আদি লগতে শোণিতপুৰ
ইতিহাস সমুহ । লগতে কয় আমাৰ সংবিধান যিকোনো বিনিময়ত আমি সুৰক্ষা দিব লাগিব, সংবিধান প্ৰস্তুত কৰা সেই ব্যক্তি সকলক পাহৰিব নহব , কাৰণ এই দেশত আমি জন্ম গ্ৰহণ কৰি নিজকে গৌৰৱ অনুভৱ কৰোঁ বুলি প্ৰকাশ কৰে ।
আৰু কয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা দেশৰ উন্নতি কথা কৈ কয় আমাৰ চৰকাৰে অসমৰ সমুহ বিদ্যালয় চৰকাৰী বে চৰকাৰী সকলো বিদ্যালয়ৰ দশম শ্ৰেণীলৈ অসমীয়া ভাষা বাধ্যতামূলক কৰা বাবে ইতিমধ্যে প্ৰতিশ্ৰুতি বদ্ধ হৈছে ।
অসমত অসমীয়া প্ৰধান ভাষা হব বাবে আমাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ওপৰিও আমাৰ চৰকাৰে যি জাতি মাটিৰ কথা কৈছিল সেই জাতি মাটি সুৰক্ষা আৰু ৰক্ষা দিবলৈ বিভিন্ন আইন প্ৰণয়ন কৰাৰ লগতে সিদ্ধান্ত লোৱা হৈছে ।
ইফালে কয় অসমীয়া ভাষা ৰক্ষা বাবে অসম সাহিত্য সভা, যুৱ সাহিত্যক সকলক আগুৱাই নিয়া ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী মহন্তই ।
আনহাতে ৬ নং দফা আখৰে আখৰে পালন কৰিবলৈ আমাৰ চৰকাৰে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে আমাৰ চৰকাৰে ।
শীঘ্ৰে আমি সেই প্ৰতিবেদন কমিটি পৰা লাভ কৰিলেই ৬ নং দফা কাৰ্যকৰী কৰিবলৈ আমি প্ৰতিশ্ৰুতি বদ্ধ হৈছোঁ ।
আৰু কয় অসমত নতুনকৈ ভুমি আইন প্ৰণয়ন কৰা হব আমাৰ ভুমি কোনো লব নোৱাৰা ব্যৱস্থা লোৱা হৈছে বুলি মন্ত্ৰী মহন্তই কয় ।
অসম চুক্তি আখৰে আখৰে পালন কৰা হব আৰু , অসমক সুৰক্ষিত কৰিবলৈ সংবিধানৰ 345 অনুচ্ছে সংশোধনী কৰি হলেও অসমীয়া ভাষা সুৰক্ষিত কৰা হব বুলি উল্লেখ কৰে ।
তেওঁ কয় চাহ বাগিচাৰ লোকসকলৰ মাজত যি অপপ্ৰচাৰ চলিছে যে তেওঁলোকৰ ভূমি অন্য দখললৈ যাব সেয়া সম্পূৰ্ণ ভুল তথ্য তেওঁলোকৰ ভূমি সম্পূৰ্ণ সুৰক্ষিত থাকিব ।

Conclusion:ইফালে বিগত বৰ্ষৰত কৈ এই বাৰ শোণিতপুৰ জিলা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসত জনসাধাৰণৰ উপস্থিতি বহু গুণ কম দেখা গৈছে ।
উল্লেখযোগ্য যে বিশেষকৈ একাংশ কব বিচাৰে ৰাজ্যত কা' বিৰুদ্ধে প্ৰতিবাদ চলি থকা ও এটা কাৰণ ।
আজি এই গণৰাজ্য দিৱসৰ পেৰেডত শোণিতপুৰ জিলা বিভিন্ন চৰকাৰী বে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লগতে বিভিন্ন চৰকাৰী সামৰিক বাহিনী দ্বাৰা পেৰেড উলোৱা হয় ।

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
২৬/১/২০২০ .

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.