ETV Bharat / state

জলমগ্ন কাজিৰঙাত দিশহাৰা জীৱকূল - বন্যপ্ৰাণী

ভোকাতুৰ বয়ষ্ক আৰু অসুস্থ গঁড়টোক খাদ‍্য আৰু ভিটামিনৰ যোগান ধৰাৰ লগতে নিৰীক্ষণ কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োপাৰে গড়ঁটোক পহৰা দি আছে ৷

flood
জলমগ্ন কাজিৰঙাত দিশহাৰা জীৱকূল
author img

By

Published : Jul 19, 2020, 7:10 PM IST

তেজপুৰ, 19 জুলাইঃ বিশ্ব ঐতিহ‍্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভাগৰ জলস্তৰ কিছু হ্ৰাস হৈছে যদিও বৰ্তমানেও 85% বানৰ কবলত ৰাষ্ট্ৰীয় উদ্যানখন ৷ ফলশ্ৰুতিত এই পৰ্যন্ত বান কবলত পৰি ১০৮ টা বন্যপ্ৰাণী মৃত্যু হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনত খাদ্যৰ অভাৱ হোৱাৰ বাবে উদ্যানখনৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আশে-পাশে অৱস্থান লৈছে বিশেষকৈ পহু, হাতী আৰু গঁড়ে । শণিবাৰে পুৱাৰে পৰা কুঠৰী অঞ্চলৰ বাঘমাৰীত ৰাষ্ট্ৰীয় পথৰ গাতে লাগি থকা জলাশয়ত অৱস্থান লৈছিল এটা গঁড়ে ।

লগতে পঢ়কঃ ৫ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিব ৰাম মন্দিৰৰ আধাৰশিলা

ভোকাতুৰ বয়ষ্ক আৰু অসুস্থ গঁড়টোক খাদ‍্য আৰু ভিটামিনৰ যোগান ধৰাৰ লগতে নিৰীক্ষণ কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োপাৰে গড়ঁটোক পহৰা দি আছে ৷ কাজিৰঙা চি ডব্লিউ আৰ চি ৰ চিকিৎসক ডঃ সামছুল আলি আৰু ৰাজ্যৰ পশু চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক ডঃ কে কে শৰ্মাই এই গঁড়টোৰ পৰীক্ষা কৰি জানিব পাৰে যে দৃষ্টি শক্তি কম হোৱাৰ বাবে ভালকৈ চলা ফুৰা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে গঁড়টো ৷

জলমগ্ন কাজিৰঙাত দিশহাৰা জীৱকূল

লগতে পঢ়কঃ অদম্য ইচ্ছাশক্তিক বাস্তৱত পৰিণত কৰাৰ হাবিয়াস গহপুৰৰ মিণ্টুৰ

ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতিটো এন্টি পশিং কেম্প বৰ্তমানেও পানীৰ তলত ৷ উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া তথ্য অনুসৰি বৰ্তমানলৈকে বানৰ কবলত পৰি আঘাত প্ৰাপ্ত 51 টা জীৱকূল ৷ ইতিমধ্যে বন বিভাগে উদ্ধাৰ কৰে ১৩৪ টা জীৱকূল ৷ ইয়াৰে ভিতৰত ১০৮ টাকৈ জীৱকূলৰ মৃত্যুৰ তথ্য প্ৰদান কৰিছে বন বিভাগে ৷ ৰে চি ডব্লিউ আৰ চি ৰ অন্তুৰ্ভুক্ত ১৫ টা জীৱ-জন্তু মৃত্যুমুখত পৰাৰ লগতে ১১০ টা জীৱকূলক বনবিভাগে মুকলি কৰি দিছে ৷ আৰু ৮ টা বৰ্তমানেও চিকিৎসাধীন ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.