তেজপুৰ, ১৮ আগষ্ট : টকিঅ' অলিম্পিকৰ পৰা এগৰাকী অসম জীয়ৰীয়ে গৌৰৱ কঢ়িয়াই অনাৰ সময়তে পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে তেজপুৰৰ এগৰাকী মহিলাই ৷ তেজপুৰৰ মহিলা জিমী শইকীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক অৰ্জন কৰি এই গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ৷
যোৱা ১১ আগষ্টৰ পৰা ১৩ আগষ্টলৈ নেপালৰ পোখৰাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় খেল SBKF International Championship 2021 ত অংশগ্ৰহণ কৰি ৫০ বছৰৰ উৰ্ধৰ ত্ৰিপুল জাম্প(Triple jump)ত সোণৰ পদক অৰ্জন কৰিছে তেজপুৰৰ জিমী শইকীয়াই ।
পেছাত এগৰাকী শিক্ষয়ত্ৰী জিমী শইকীয়াই স্কুলীয়া জীৱনৰে পৰা খেলত পাৰদৰ্শিতা দেখুৱাই বিভিন্ন সময়ত অৰ্জন কৰিছে সুনাম । এইবাৰ নেপালৰ অনুষ্ঠিত SBKF International Championship 2021ত সফলতা লাভ কৰাৰ পাচতে জাপানত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী আন এক চেম্পিয়নশ্বিপৰ বাবে সুযোগ লাভ কৰিছে জিমী শইকীয়াই ।
শোণিতপুৰ জিলাৰ পৰা মুঠ ৫ গৰাকী মহিলাই নেপালত অনুষ্ঠিত হৈ যোৱা SBKF ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল ৷ পূৰ্বে কাৰ্বি আংলং জিলাত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ খেলতও সোণৰ পদক লাভ কৰি নেপালৰ এই চেম্পিয়নশ্বিপত যোগদান কৰাৰ সুযোগ লাভ কৰিছিল এই 5 গৰাকী মহিলাই ৷