ETV Bharat / state

স্ব-গৃহত উপস্থিত যমুনা বড়ো

কিছুদিন পূৰ্বেই ৰাছিয়াত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ঢেকিয়াজুলিৰ যমুনা বড়োৱে চেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৷ যমুনাৰ এই সাফলতাৰ আঁৰত মাতৃৰ অৱদানৰ কথা প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ৷

author img

By

Published : Oct 25, 2019, 1:13 PM IST

স্ব গৃহত উপস্থিত যমুনা বড়ো

তেজপুৰ, 25 অক্টোবৰঃ ঢেকিয়াজুলিৰ স্ব-গৃহত উপস্থিত হ'ল বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয়ী যমুনা বড়ো ৷ কিছুদিন পূৰ্বেই ৰাছিয়াত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ঢেকিয়াজুলিৰ যমুনা বড়োৱে চেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৷ যমুনা বড়োৰ সাফল্যৰ পিছতেই ইতিমধ্যে দেশৰ ক্ৰীড়ামন্ত্ৰী কিৰণ ৰিজিজু আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্ধনা জনোৱাৰ লগতে যমুনাক অসম চৰকাৰে ২০লাখ টকা আৰ্থিক অনুদান আগবঢ়ায় ৷

স্ব গৃহত উপস্থিত যমুনা বড়ো

আনহাতে, ঢেকিয়াজুলিত উপস্থিত হৈয়ে যমুনা বড়োৱে প্ৰথমে ঢেকিয়াজুলিৰ শইকীয়া চুবুৰীৰ শিৱ মন্দিৰত সেৱা জনোৱাৰ পিছতেহে স্বগৃহলৈ ৰাওনা হয় ৷ যমুনাক স্থানীয় দল সংগঠনে স্বগৃহলৈ এক সমদলৰ জৰিয়তে আদৰি আনে ৷ ইপিনে স্বগৃহত ভৰি থৈ যমুনাই আগন্তুক টকিঅ অলিম্পিকলৈ বাচনিৰ বাবে নিজকে সাজু কৰিব বুলি প্ৰকাশ কৰি অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখ্য যে, অতি দৰিদ্ৰ পৰিয়ালৰ যমুনা বড়োক মাতৃ নিৰ্মলী বড়োৱে অশেষ কষ্ট কৰি এই পৰ্যায়লৈ আগুৱাই লৈ যায় ৷ যমুনাৰ এই সাফলতাৰ আঁৰত মাতৃৰ অৱদানৰ কথা প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ৷

Intro:_International Boxer Jamuna Boro Welcome to home At Dhekiajuli.

তেজপুৰ,২৫ অক্টোবৰ : স্ব-গৃহ ঢেকিয়াজুলিত উপস্থিত হ’ল বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয়ী যমুনা বড়ো৷আতচবাজী ফুটাই দল সংগঠন স্থানীয় ৰাইজে স্ব-গৃহত উস্ম আদৰনি জনালে বক্সাৰ যমুনা বড়োক৷

Body:বিভিন্ন প্ৰত্যাহ্বানক নেউচি ঢেকিয়াজুলিৰ অতি দাৰিদ্ৰ পৰিয়ালৰ যমুনা বড়োৱে বক্সিংৰ ৰিংত দূৰ্দান্ত প্ৰদৰ্শনৰে সাফল্য অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে৷অলপতে ৰাছিয়াত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ঢেকিয়াজুলিৰ যমুনা বড়োৱে চেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়ালে৷ যমুনা বড়োৰ সাফল্যৰ পিছতেই ইতিমধ্যে দেশৰ ক্ৰীড়ামন্ত্ৰী কিৰণ ৰিজিজুৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সম্বৰ্ধনা জনোৱাৰ লগতে যমুনাক অসম চৰকাৰে ২০লাখ টকা আৰ্থিক অনুদান আগবঢ়ায়৷আত্ম প্ৰকাশতেই যমুনাই বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত বৃহস্পতিবাৰে স্ব-গৃহ ঢেকিয়াজুলিত উপস্থিত হয় ৷যমুনাই প্ৰথমে ঢেকিয়াজুলিৰ শইকীয়া চুবুৰীৰ শিৱ মন্দিৰত সেৱা জনোৱাৰ পিছতেই স্ব-গৃহলৈ ৰাওনা হয়৷যমুনাক স্থানীয় দল- সংগঠনে স্ব-গৃহলৈ এক ৰেলী কৰি উস্ম আদৰনি কৰি আনে৷যমুনা স্ব-গৃহ ঢেকিয়াজুলিত উপস্থিত হোৱাৰ পিছতেই ৰাইজে আতচবাজী ফুটাই আনন্দ উল্লাস কৰা দেখা যায়৷ যমুনাক স্ব-গৃহত পৰিয়ালৰ লোকে পুস্প বৃষ্টিৰে আদৰনি জনায়৷ ইপিনে স্বগৃহত ভৰি থৈ যমুনাই আগন্তুক টকিঅ অলিম্পিকৰ বাচনিৰ বাবে নিজকে সাজু কৰিব বুলি প্ৰকাশ কৰি অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷Conclusion:আগন্তক দিনক অসম তথা ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সকলোৰে আশীৰ্বাদ বিচাৰে৷যমুনাই নিজৰ সাফল্যৰ আঁৰত মাতৃ নিৰ্মলী বড়ো বুলি কয়৷মাতৃ নিৰ্মলী বড়োৱে অশেষ কষ্টি কৰি তাইক আজি এই পৰ্যায়লৈ লৈ গ’ল ৷যাৰ বাবে আজি সকলো সম্ভৱ হ’ল বুলি প্ৰকাশ কৰে৷

Pranab kumar Das
Tezpur
25/10/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.